নিউজ ডেস্ক,27 মাৰ্চ: কৰ‘ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশতে জৰুৰীকালীন ভাবে ঘোষণা কৰা লক ডাউনৰ সময়ছোৱাত সকলো জনতাকে ঘৰৰ ভিতৰত সোমাই থাকিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ লক ডাউনৰ মাজতে মুম্বাইৰ কান্দীভালি অঞ্চলত সংঘটিত হৈছে লক ডাউনক কেন্দ্ৰ কৰি এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা ৷
আৰক্ষী সুত্ৰই বৃহস্পতিবাৰে জনোৱা অনুসৰি, কান্দীভালি অঞ্চলৰ বাসিন্দা ৰাজেশ লক্ষ্মী ঠাকুৰে নিজৰ পত্নীৰ সৈতে বুধবাৰে বিয়লি বস্তু কিনাৰ উদ্দেশ্যে ঘৰৰ পৰা বজাৰলৈ বুলি ওলাই যায় ৷ কিন্তু বজাৰৰ পৰা উভতি অহাৰ পাছত ৰাজেশৰ কনিষ্ঠ ভাতৃ দুৰ্গেশে জেষ্ঠ ভাতৃ আৰু বৌৱেকক ঘৰৰ পৰা কিয় এই লক ডাউনৰ সময়ত ওলাই যাব লাগে বুলি প্ৰশ্ন কৰে আৰু ইয়াকে কেন্দ্ৰ কৰি উভয়ৰে মাজত বাক-বিতণ্ডাৰ সৃষ্টি হয় ৷
ইমানতে ক্ষান্ত নাথাকি দুৰ্গেশে নিজৰ বৌৱেকক চৰ শোধায় ৷ ইয়াৰ ফলত উত্তেজিত হৈ জেষ্ঠ ভাতৃ ৰাজেশে পাকঘৰত ব্যৱহাৰ কৰা চুৰিৰে কনিষ্ঠ ভাতৃ দুৰ্গেশক উপৰ্যুপৰি আকৰ্মণ কৰে ৷ এই আক্ৰমণত গুৰুতৰ ভাৱে আহত হোৱা দুৰ্গেশক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে যুৱকজনক মৃত ঘোষণা কৰে ৷ ইতিমধ্যে ভাতৃহন্তাৰ অভিযোগত ৰাজেশৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যহত ৰাখিছে ৷