ETV Bharat / bharat

আদালতৰ হাজিৰৰ পূৰ্বে স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ সমীৰ খানক - ১৩ জানুৱাৰীত ড্ৰাগছ সম্বন্ধীয় ঘটনাত সমীৰ খানক নাৰ্ক'টিকছ কন্ট্ৰোল ব্যুৰ' চমুকৈ এন চি বিয়ে গ্ৰেপ্তাৰ কৰিছিল

মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিকৰ জোঁৱাইৰ নাম সাঙোৰ খাইছে ড্ৰাগছ সম্বন্ধীয় ঘটনাত । ১৩ জানুৱাৰীত ড্ৰাগছ সম্বন্ধীয় ঘটনাত সমীৰ খানক নাৰ্ক'টিকছ কন্ট্ৰোল ব্যুৰ' চমুকৈ এন চি বিয়ে গ্ৰেপ্তাৰ কৰিছিল ।

ড্ৰাগছ সম্বন্ধীয় ঘটনাৰে নাম সাঙোৰ খাইছে মহাৰাষ্ট্ৰৰ মন্ত্ৰীৰ আত্মীয়ৰ

author img

By

Published : Jan 18, 2021, 4:02 PM IST

নিউজ ডেস্ক, ১৮ জানুৱাৰী: সমগ্ৰ দেশতে অব্যাহত আছে ড্ৰাগছৰ অবাধ বেহা । মায়ানগৰী মুম্বাইতো অব্যাহত নিষিদ্ধ ড্ৰাগছৰ বেহা । এইবাৰ ড্ৰাগছ সম্বন্ধীয় ঘটনাত মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিকৰ জোঁৱাইৰ নাম সাঙোৰ খাইছে । সোমবাৰে নৱাব মালিকৰ জোঁৱাই সমীৰ খানে আদালতত হাজিৰ হোৱাৰ পূৰ্বে স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসায়লৈ প্ৰেৰণ কৰা হয় । ১৩ জানুৱাৰীত ড্ৰাগছ সম্বন্ধীয় ঘটনাত সমীৰ খানক নাৰ্ক'টিকছ কন্ট্ৰোল ব্যুৰ' চমুকৈ এন চি বিয়ে গ্ৰেপ্তাৰ কৰিছিল । সোমবাৰে সমীৰৰ জিম্মাৰ অন্ত পৰাৰ কথা আছিল ।

ঘটনা সন্দৰ্ভত নৱাব মালিকে ১৪ জানুৱাৰীত দেশৰ ন্যায়পালিকাক সন্মান জনাই টুইট কৰি কৈছিল যে আইনৰ উৰ্ধত কোনো নহয় আৰু ভেদভাৱ অবিহনে ইয়াৰ বিচাৰ কৰিব লাগে । আইনে নিজে তাৰ সিদ্ধান্ত গ্ৰহণ কৰি ন্যায় প্ৰদান কৰিব ।

এন চি বিৰ অধিবক্তাই ১৪ জানুৱাৰীত জানিবলৈ দিয়া মতে, সমীৰৰ চি বি ডি অইল আৰু অন্য ৰাসায়নিক পদাৰ্থ আদিৰে ড্ৰাগছ সম্বন্ধীয় ঘটনাৰে জড়িত মেছেজ প্ৰমাণ হিচাপে লাভ কৰিছিল এন চি বিয়ে । নিচাজাতীয় ঔষধ বিক্ৰীৰেও জৰিত থকাৰ উপৰিও সমীৰ আৰু তেওঁৰ বন্ধু কৰণৰ ২০,০০০ তকৈও অধিক টকাৰ লেনদেন ঘটিছিল । যাৰ ফলস্বৰূপে এন ডি পি এচ আইনৰ ২৭ এ ৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় ।

লগতে পঢ়ক: কান্হা ৰাষ্ট্ৰীয় উদ্যানৰ বাহিৰত বাঘৰ মুক্ত বিচৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.