’’এইয়া কংগ্ৰেছৰ আভ্যন্তৰীণ বিষয় গতিকে মই কোনো ধৰণৰ মন্তব্য নকৰো ৷ আমাৰ চৰকাৰ অস্থিৰ কৰাৰ অথবা পতন কৰাৰ কোনো মনোবাঞ্ছা নাই ৷’’
মধ্যপ্ৰদেশত ৰাজনৈতিক খহনীয়া, কেবিনেটৰ মন্ত্ৰীৰ সমূহীয়া পদত্যাগ
06:52 March 10
শিৱৰাজ সিং চৌহানৰ প্ৰতিক্ৰিয়া
06:42 March 10
দ্বিগ্বিজয় সিঙৰ প্ৰতিক্ৰিয়া
মধ্যপ্ৰদেশত ৰাজনৈতিক সংকট সন্দৰ্ভত দ্বিগ্বিজয় সিঙৰ প্ৰতিক্ৰিয়া ছুৱাইন ফ্লুত আক্ৰান্ত জ্যোতিৰাদিত্য সিন্ধিয়া ৷ যাৰ বাবে তেওঁৰ লগতে আলোচনাত মিলিত হ’ব পৰা হোৱা নাই ৷ যি সঁচাকৈ কংগ্ৰেছী তেওঁ কংগ্ৰেছতেই থাকিব বুলি উল্লেখ কৰে দ্বিগ্বিজয় সিঙে ৷
06:37 March 10
উমংগ সিংঘাৰৰ প্ৰতিক্ৰিয়া
কংগ্ৰেছৰ সৈতে আছে জ্যোতিৰাদিত্য সিন্ধিয়া ৷
06:37 March 10
সজ্জন সিং বৰ্মাৰ প্ৰতিক্ৰিয়া
5 বছৰৰ চলিব কমলনাথৰ চৰকাৰ ৷
23:25 March 09
মঙলবাৰে গঠন কৰা হ'ব মধ্যপ্ৰদেশৰ নতুন কেবিনেট ৷ জৰুৰী কেবিনেট বৈঠকৰ পাচতেই কেবিনেটৰ মন্ত্ৰীৰ সমূহীয়া পদত্যাগ ৷
মধ্যপ্ৰদেশত ৰাজনৈতিক সংকট সন্দৰ্ভত দ্বিগ্বিজয় সিঙৰ প্ৰতিক্ৰিয়া ছুৱাইন ফ্লুত আক্ৰান্ত জ্যোতিৰাদিত্য সিন্ধিয়া ৷ যাৰ বাবে তেওঁৰ লগতে আলোচনাত মিলিত হ’ব পৰা হোৱা নাই ৷ তেওঁ কংগ্ৰেছৰ মানুহ আৰু কংগ্ৰেছতে থাকিব বুলি উল্লেখ কৰে দ্বিগ্বিজয় সিঙে ৷
মধ্যপ্ৰেদশৰ কমল নাথৰ চৰকাৰলৈ নামিছে ৰাজনৈতিক সংকট ৷ সোমবাৰে মুখ্যমন্ত্ৰী কমলনাথৰ সৈতে আলোচনাত মিলিত হয় কেবিনেট মন্ত্ৰীমণ্ডল ৷ বৈঠকৰ পাচতেই মন্ত্ৰীমণ্ডলৰ সকলো সদস্যই দাখিল কৰে পদত্যাগপত্ৰ ৷ আলোচনাৰ অন্তত মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰে পদত্যাগপত্ৰ ৷ মঙলবাৰে গঠন কৰা হ'ব মধ্যপ্ৰদেশৰ নতুন কেবিনেট ৷ মধ্য প্ৰদেশত 17 জনকৈ কংগ্ৰেছ বিধায়ক নিৰুদ্দেশ অৱস্থাত আছে ৷ ইয়াৰ ফলত মধ্য প্ৰদেশত কংগ্ৰেছ দলৰ ৰাজনৈতিক সংকটে দেখা দিছে ৷
কমলনাথে এই সন্দৰ্ভত কয়, মই মোৰ সমস্ত জীৱন জনসাধাৰণৰ সেৱাত অৰ্পণ কৰিছো ৷ মোৰ বাবে চৰকাৰ থকা মানে ৰাজনৈতিক ক্ষমতা অথবা পদ নহয় ৷ মোৰ প্ৰধান উদ্দেশ্য হৈছে জনসাধাৰণৰ সেৱা কৰা ৷ 15 বছৰৰ লৈকে বিজেপি চৰকাৰখনে সেৱা নহয় ভোগৰ আহিলা হিচাপে ব্যৱহাৰ কৰি আহিল আৰু এতিয়াও অনৈতিক ভাৱে মধ্যপ্ৰদেশৰ চৰকাৰৰ অস্থিৰ কৰাৰ চেষ্টা চলাইছে ৷ যোৱা 15 টা বছৰে মধ্যপ্ৰেদশত মাফিয়া ৰাজ চলিছিল ৷ যাৰ বাবেই জনসাধাৰণে এইবাৰ কংগ্ৰেছক শাসনাধীষ্ঠ কৰিছে ৷ এতিয়া মাফিয়াৰ সহযোগত বিজেপিয়ে কংগ্ৰেছৰ চৰকাৰৰ বিৰুদ্ধে অস্থিৰতা অনাৰ চেষ্টা চলাইছে ৷ চৰকাৰ ভংগ কৰাৰ যি মাফিয়া চক্ৰই ষড়যন্ত্ৰ চলাইছে এইয়া কেতিয়াও সফল হ’বলৈ দিয়া নহ’ব বুলি উল্লেখ কৰে মুখ্য়মন্ত্ৰী কমল নাথে ৷
মধ্য প্ৰদেশত উদ্ভৱ হোৱা শেহতীয়া ৰাজনৈতিক অশান্তিৰ মাজতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতৃত্বৰে মিলিত হোৱাৰ উদ্দেশ্যে নতুন দিল্লীত বাহৰ পাতি আছে মুখ্যমন্ত্ৰী কমল নাথ ৷ মুখ্যমন্ত্ৰী গৰাকীৰ দুদিনীয়া ৰাজধানী দিল্লী ভ্ৰমণৰ সময়ছোৱাত আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ দলীয় প্ৰাৰ্থী বাছনি সম্পৰ্কে আলোচনা কৰিব বুলি অনুমান কৰা হৈছে ৷
উল্লেখ্য যে, ৰাজ্যসভাৰ তিনিখনকৈ খালী আসন পূৰ কৰাৰ বাবে 26 মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু 13 মাৰ্চত মনোনয়ন দাখিল কৰাৰ অন্তিম দিন ধাৰ্য কৰা হৈছে ৷ এই তিনি আসনৰ দুখনতে কংগ্ৰেছে জয়ী হোৱাৰ সম্ভাৱনা আছে যিহেতু প্ৰাক্তন মুখ্যমন্ত্ৰী দ্বিগ্বিজয় সিং আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই দুখন আসনত প্ৰতিদ্বন্দিতা কৰিব ৷