ETV Bharat / bharat

কৰ'ণা ভাইৰাছক লৈ উদ্বিগ্নতা প্ৰকাশ ভেংকায়া নাইডুৰ - ভেংকায়া নাইডু

কৰ'ণা ভাইৰাছক লৈ উদিগ্নতা প্ৰকাশ উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ । ৰাজ্যপাল, উপৰাজ্যপাল সকলে নিজৰ নিজৰ স্থানৰ আধ্য়াত্মিক আৰু ধাৰ্মিক গুৰু সকলৰ দ্বাৰা তেওঁলোকৰ ভক্ত সকলক সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনোৱাৰ নিৰ্দেশ নাইডুৰ ।

কৰ'ণা ভাইৰাছক লৈ উদ্বিগ্নতা প্ৰকাশ ভেংকায়া নাইডুৰ

author img

By

Published : Apr 3, 2020, 6:41 PM IST

নিউজ ডেস্ক, ৩ এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ উপৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ ৰাজ্যপাল আৰু উপৰাজ্যপালক নিজৰ নিজৰ অঞ্চলৰ আধ্য়াত্মিক আৰু ধাৰ্মিক গুৰু সকলৰ কাষত গৈ তেওঁলোকৰ ভক্ত সকলক সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনাবলৈ নিৰ্দেশ দিয়ে । শুকুৰবাৰে ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে এই আহ্বান কৰে উপ ৰাষ্ট্ৰপতিগৰাকীয়ে । এই অনুষ্ঠানত ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দও অংশগ্ৰহণ কৰে ।

নিজ নিজ ৰাজ্যৰ ৰাজ্যপাল আৰু উপৰাজ্যপাল সকলক স্থানীয় আধ্যাত্মিক আৰু ধৰ্ম গুৰু সকলৰ কাষ চাপিবলৈ কয় । লগতে সকলো ভক্তপ্ৰাণ ৰাইজক সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনাবলৈ নিৰ্দেশ দিয়ে । এটা ৱেক আপ ক'ল হিচাপে কাম কৰিবলৈ আহ্বান জনায় ।

এই অনুষ্ঠানতেই ৰাজ্যপাল সমূহক নিজৰ নিজৰ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ কৃষিক্ষেত্ৰৰ শস্য কটা, সংৰক্ষণ আৰু ক্ৰয়-বিক্ৰয় নিশ্চিত কৰাৰ ওপৰতো গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰে ।

বৰ্তমান শস্য় কটাৰ সময় গতিকে শস্য কটা যন্ত্ৰ সমূহৰ প্ৰবাহ সূচাৰু ৰূপে হয় তাৰ ওপৰতো দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়ে । যাতে কোনো খেতিয়কে সমস্যাৰ সন্মুখীন নহয় । লগতে ১০০ শতাংশ শস্যই ক্ৰয় কৰা সুনিশ্চিত কৰিবলৈও কয় । ইয়াৰ লগতে কিছু কিছু ৰাজ্যত চিকিৎসকৰ ওপৰত আক্ৰমণৰ ঘটনাক লৈও চিন্তা প্ৰকাশ কৰি এয়া দুৰ্ভগ্যজনক তথা নিন্দনীয় বুলি কয় উপ ৰাষ্ট্ৰপতিগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.