নিউজ ডেস্ক, ৪ এপ্ৰিলঃ ৫ এপ্ৰিলত নিশা ৯ বজাত ৯ মিনিটৰ বাবে ব্লেক আউটৰ ঘোষণা নৰেন্দ্ৰ মোডীৰ । যাৰ পাচতেই সক্ৰিয় হৈ পৰিছে শক্তি বিভাগ । সমগ্ৰ দেশত এক সময়তে বিদ্যুত বন্ধ হোৱা মানে গ্ৰীড বিকল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ।
দেশত এতিয়া কৰ'ণা ভাইৰাছে ধাৰণ কৰিছে সংহাৰী ৰূপ । কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে ভাৰতৰ যুঁজ অব্যাহত আছে । যাৰ বাবে লক ডাউনৰ পাচতেই এইবাৰ ৫ এপ্ৰিল, নিশা ৯ বজাত, ৯ মিনিটৰ বাবে ব্লেক আউটৰ আহ্বান ভাৰতৰ প্ৰধানমন্ত্ৰীৰ । ইয়াৰ লগে-লগে চিন্তিত হৈ পৰিছে দেশৰ শক্তি বিভাগ । সেই সময়ত গ্ৰীডৰ স্থিৰতা সুনিশ্চিত কৰাৰ বাবে এতিয়াৰ পৰাই সক্ৰিয় হৈ পৰিছে শক্তি বিভাগৰ পৰিচালনৰ দায়িত্বত থকা বিষয়াসকল ।
ষ্টেট-ৰান-পাৱাৰ-চিষ্টেম-অপাৰেশ্বন-কৰ্পৰেশ্বন(POSOCO) এইয়া সুনিশ্চিত কৰি আছে যে সমগ্ৰ দেশত বিদ্যুত বন্ধ হৈ পৰা মানে গ্ৰীডত হেঁচা কমি যোৱা । যাৰ ফলত গ্ৰীডৰ পতন হোৱাৰ সম্ভৱনা অধিক প্ৰকট হৈ পৰিব । ব্লেক আউটৰ পৰিনামে গ্ৰীডৰ ওপৰত কোনো ধৰণৰ হেঁচা আনিবলৈ সক্ষম নহয় । তাৰ বাবে গ্ৰীডৰ স্থিৰতা সুনিশ্চিত কৰাৰ বাবে সক্ৰিয় হৈ আছে পৰিচালকসকল ।
চেণ্টল ইলেক্ট্ৰিক ৰেগুলেটৰী অথৰিটীৰ মতে, সামান্য এক গ্ৰীডক ৪৯.৯৫ ৰ পৰা ৫০-০৫ হাৰ্টজৰ প্ৰয়োজন । বিদ্যুতৰ তাৎক্ষণিক বৃদ্ধি অথবা হ্ৰাসৰ ফলত গ্ৰীড বিকল হোৱাৰ শংকা অধিক বেছি বৃদ্ধি পায় । যাৰ বাবে বৰ্তমান চিন্তিত হৈ পৰিছে বিদ্যুৎ বিভাগ ।
শক্তি মন্ত্ৰণালয়ৰ মতে, কৰ'ণা ভাইৰাছৰ বাবে লক ডাউন ঘোষণা কৰাৰ পাচত বিদ্যুৎৰ চাহিদা ২৫ শতাংশ হ্ৰাস পাইছে । ২ এপ্ৰিল ২০১৯ ত ১৬৮.৩২ GW ৰ তুলনাত ২ এপ্ৰিল ২০২০ ত ইয়াৰ পৰিমাণ হৈছে ১২৫.৮১ GW ।