ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ নতুন উপ-ৰাজ্যপাল হিচাপে নিযুক্ত মনোজ সিনহা - ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ

মনোজ সিনহাক জম্মু-কাশ্মীৰৰ নতুন উপ-ৰাজ্যপাল হিচাপে নিযুক্ত কৰা হৈছে ৷ গিৰিশ চন্দ্ৰ মুৰ্মুৰ পদত্যাগ পত্ৰত ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে সন্মতি প্ৰদান কৰাৰ পাচতে মনোজ সিনহাক নিযুক্তি প্ৰদান কৰা হয় ৷

Manoj Sinha appointed as new LG of Jammu and Kashmir
জম্মু-কাশ্মীৰৰ নতুন উপ-ৰাজ্যপাল হিচাপে নিযুক্ত মনোজ সিনহা
author img

By

Published : Aug 6, 2020, 9:37 AM IST

নেশ্যনেল ডেস্ক, 6 আগষ্ট : বিজেপি নেতা তথা ৰেলৱে'ৰ ৰাজ্যিক মন্ত্ৰী মনোজ সিনহাক জম্মু-কাশ্মীৰৰ নতুন উপ-ৰাজ্যপাল হিচাপে নিযুক্ত কৰা হৈছে ৷ গিৰিশ চন্দ্ৰ মুৰ্মুৰ পদত্যাগ পত্ৰত ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে সন্মতি প্ৰদান কৰাৰ পাচতে মনোজ সিনহাক নিযুক্তি প্ৰদান কৰা হয় ৷

ৰাষ্ট্ৰপতি ভৱনে এক বিবৃতিত কয়, "জম্মু-কাশ্মীৰৰ নতুন উপ-ৰাজ্যপাল হিচাপে মনোজ সিনহাক নিযুক্তি দিয়া হৈছে ৷" উল্লেখ্য যে, জি. চি. মুৰ্মুয়ে বুধবাৰে এই পদৰ পৰা পদত্যাগ কৰিছিল ৷

জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 বাতিলৰ জৰিয়তে বিশেষ ৰাজ্যৰ অধিকাৰ খৰ্ব কৰা এটা বছৰ সম্পূৰ্ণ হোৱা দিনটোতে মুৰ্মুয়ে পদত্যাগ ঘোষণা কৰে ৷ জম্মু-কাশ্মীৰক দুই কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰাৰ পাচত 60 বৰ্ষীয় গুজৰাটৰ প্ৰাক্তন প্ৰশাসনিক বিষয়া মুৰ্মুক যোৱা বছৰৰ 29 অক্টোবৰত প্ৰথমগৰাকী উপ-ৰাজ্যপাল হিচাপে দায়িত্বভাৰ প্ৰদান কৰা হৈছিল ৷

1985 বৰ্ষৰ প্ৰশাসনিক বিষয়া মুৰ্মুয়ে পদত্যাগৰ কাৰণ সম্পৰ্কত কোনো উল্লেখ কৰা নাই ৷ উল্লেখ্য যে, গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীয়ে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত মুৰ্মু আছিল তেওঁৰ মুখ্য সচিব ৷

জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল হিচাপে নিযুক্তিৰ সময়ত মুৰ্মু আছিল বিত্ত মন্ত্ৰণালয়ৰ সচিব ৷ এক উচ্চস্তৰীয় সূত্ৰই জানিবলৈ দিয়া অনুসৰি, মুৰ্মুক কেন্দ্ৰীয় চৰকাৰৰ নতুন দায়িত্ব প্ৰদান কৰা হ'ব ৷

লগতে পঢ়ক : কাকপথাৰত মৰাণ ছাত্ৰ সন্থাৰ মাদক দ্ৰব্য বিৰোধী অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.