ETV Bharat / bharat

দিল্লীত কণ্টেইমেণ্ট জ'নৰ নতুন সীমা নিৰ্ধাৰণৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ - অৰবিন্দ কেজৰিৱাল

দিল্লীত আৰম্ভ কৰা হ'ব Serological Survey । 27 জুনৰ পৰা 10 জুলাইৰ ভিতৰত দিল্লীৰ 20 হাজাৰ লোকৰ কৰা হ'ব নমুনাৰ পৰীক্ষণ । গৃহমন্ত্ৰণালয়ৰ পৰা ঘোষণা কৰা হৈছে এই কথা । গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্য়ক্ষতাত অনুষ্ঠিত এক বৈঠকৰ পাচতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

Make fresh demarcation of containment zones in Delhi: HM
Make fresh demarcation of containment zones in Delhi: HMMake fresh demarcation of containment zones in Delhi: HM
author img

By

Published : Jun 22, 2020, 3:30 PM IST

নতুন দিল্লী, 22 জুনঃ দেশৰ ৰাজধানী নতুন দিল্লীত অব্য়াহত আছে কৰ'ণাৰ বিভীষিকা । কৰ'ণা ভাইৰাছৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়ে গৃহমন্ত্ৰী অমিত শ্বাহাৰ নেতৃত্বত অনুষ্ঠিত কৰা হৈছিল এক উচ্চস্তৰীয় বৈঠক । য'ত কণ্টেইনমেণ্ট জ'ন সমূহৰ নতুন সীমা নিৰ্ধাৰণ, কঠোৰ নিৰীক্ষণ প্ৰক্ৰিয়া, কাৰ্যক্ৰম নিয়ন্ত্ৰণ, সংক্ৰমিত ব্যক্তিৰ সংস্পৰ্শলৈ অহা লোকৰ সন্ধান আৰু পৃথকীকৰণৰ বাবে আৰোগ্য সেতু আৰু ইতিহাস এপ্ ৰ ব্য়ৱহাৰ কৰাৰ পৰামৰ্শ আগবঢ়োৱা হৈছে ।

এই বৈঠকতেই অহা 27 জুনৰ পৰা 10 জুলাইৰ ভিতৰত দিল্লীত Serological Survey অধীনত 20 হাজাৰ লোকৰ নমুনাৰ পৰীক্ষণ কৰা হ'ব বুলি গৃহমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ।

ডক্টৰ ভি কে পল কমিটিয়ে প্ৰস্তুত কৰা দিল্লীৰ COVID-১৯ কণ্টেইনমেণ্ট জ'নৰ কৌশল সম্পৰ্কৰ প্ৰতিবেদনৰ ওপৰত বৈঠকত আলোচনা কৰা হৈছিল । অমিত শ্বাহৰ নিৰ্দেশনাতেই 14 জুনত গঠন কৰা হৈছিল এই কমিটিৰ ।

এই সভাখনত অমিত শ্বাহৰ লগতে কেন্দ্ৰীয় স্বাস্থ্য আৰু কল্যাণ মন্ত্ৰী ডঃ হৰ্ষ বৰ্ধন, উপ ৰাজ্য়পাল অনিল বেজল, মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু উপমুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ লগতে অন্যান্য বহু বিষয়ববীয়া উপস্থিত থাকে । এই বৈঠকতেই COVID-১৯ পজিটিভ ৰোগী সকলক হাস্পতাল, ক'ভিড কেয়াৰ চেণ্টাৰ আৰু হ'ম আইচ'লেচনত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে ।

উক্ত সকলো কাৰ্যসূচী সমূহ ৰূপায়ণৰ বাবে 22 জুনত দিল্লী চৰকাৰে এই পৰিকল্পনাৰ অন্তিম ৰূপ দিয়াৰ লগতে 23 জুনৰ ভিতৰত জিলা স্তৰত বিভিন্ন দলৰ গঠন কৰিব । আনহাতে 26 জুনৰ ভিতৰত সকলো কণ্টেইনমেণ্ট জ'ন সমূহৰ সংশোধিত সীমা নিৰ্ধাৰণ কৰা হ'ব ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.