ETV Bharat / bharat

মহাৰাষ্ট্ৰৰ জলসম্পদ বিভাগে চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ বাবে দান কৰিলে ভূমি - মহাৰাষ্ট্ৰ

চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ বাবে 64 একৰ ভূমি দান কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰে মহাৰাষ্ট্ৰৰ জলসম্পদ বিভাগে । চাতাৰত নিৰ্মাণ কৰিবলগীয়া চিকিৎসা মহাবিদ্যালয়ৰ বাবে দান কৰে এই ভূমি ।

মহাৰাষ্ট্ৰৰ জলসম্পদ বিভাগে চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ বাবে দান কৰিলে ভূমি

author img

By

Published : Jul 2, 2020, 11:39 PM IST

নিউজ ডেস্ক, 2 জুলাইঃ বৃহস্পতিবাৰে চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ বাবে 64 একৰ ভূমি দান কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰে মহাৰাষ্ট্ৰৰ জলসম্পদ বিভাগে । চাতাৰত নিৰ্মাণ কৰিবলগীয়া চিকিৎসা মহাবিদ্যালয়ৰ বাবে দান কৰে এই ভূমি ।

ৰাজ্যৰ বিধান মণ্ডলৰৰ অধ্যক্ষ ৰামৰাজে নায়ক নিম্বালকাৰ, উপ মুখ্যমন্ত্ৰী অজিৎ পাৱাৰ, জল সম্পদ মন্ত্ৰী জয়ন্ত পাটিল আৰু অন্যান্য লোকৰ উপস্থিতিত আয়োজিত এক বৈঠকৰ পাচত এই সিদ্ধান্ত লোৱা হয় ।

পাৱাৰে চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ ক্ষেতত যেন কোনো অসুবিধাৰ সৃষ্টি নহয় তাৰ নিশ্চিতি প্ৰদান কৰে । উন্নত ধৰণে চিকিৎসা মহাবিদ্যালয়খন নিৰ্মাণ কৰি পৰৱৰ্তী 100 বছৰলৈ প্ৰয়োজনীয়তা সমূহ পূৰণৰ উদ্দ্যেশ্য আগত ৰখা বুলি অৱগত কৰে পাৱাৰে ।

ইপিনে 64 একৰ ভূমিৰ পৰিৱৰ্তে খাৱালিত জলসম্পদ বিভাগলৈ 70 একৰ ভূমি আগবঢ়োৱা হ'ব বুলিও পাৱাৰে উল্লেখ কৰে ।

উল্লেখ্য যে, 2012 চনতেই 419 কোটি টকা ব্যয়ৰে 100 খন বিছনাযুক্ত চিকিৎসা মহাবিদ্যালয় আৰু একেলগে সংযোগ কৰি 500 খন বিছনাযুক্ত চিকিৎসালয় নিৰ্মাণৰ সিদ্ধান্ত লৈছিল যদিও আজিলৈ সেই প্ৰকল্পৰ কাম আৰম্ভ হোৱা নাই ।

লগতে চাওক-চীনৰ বিৰুদ্ধে সন্ত্ৰাসবাদী সংগঠনক অস্ত্ৰ-সস্ত্ৰ যোগান ধৰাৰ অভিযোগ ম্যানমাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.