ETV Bharat / bharat

মুম্বাইত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা

author img

By

Published : Dec 14, 2019, 6:58 PM IST

Updated : Dec 14, 2019, 8:06 PM IST

শনিবাৰে মুম্বাইৰ আজাদ মৈদানত একেলগ হৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰবাসী অসমীয়াসকলে ৷

Maha: Assam natives protest in Mumbai demand roll back of CAA
মুম্বাইত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা

মুম্বাই,14 ডিচেম্বৰঃ মুম্বাইত থকা অসমীয়া সকল একত্ৰিত হৈ শনিবাৰে মুম্বাইৰ আজাদ মৈদানত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰে ৷ "বিধেয়কখন সংসদত গৃহীত হোৱাৰ পিছত ৰূপান্তৰ হয় আইনলৈ ৷ অসমৰ এক পৃথক সংস্কৃতি আছে,এই ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে বাবে আমি বিৰোধিতা কৰিছো ৷ দ্বিতীয়তে,এই অধিনিয়মখন ভেদভাৱপূৰ্ণ আৰু অঞ্চলটোৰ বাবে বিপদজনক ৷ এইটো স্পষ্ট যে অঞ্চলটোৰ জনসংখ্যাৰ গাঠনি সলনি কৰি দিব ৷ " অভিনেত্ৰী দীপান্বিতা শৰ্মাই নাগৰিক সংশোধনী আইনৰ বিৰোধিতা কৰি ব্যক্ত কৰে এই কথা ৷ লগতে অন্য এগৰাকী প্ৰতিবাদকাৰীয়ে দাবী কৰে যে,এই আইনখনে অসমৰ সংস্কৃতিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব ৷

মুম্বাইত অসমীয়া শিল্পীৰ প্ৰতিবাদ

উল্লেখ্য যে,এই নাগৰিকতা সংশোধন অধিনিয়মে ইছলাম ধৰ্মাৱলম্বীৰ বাহিৰে,পাকিস্তান,বাংলাদেশ আৰু আফগানিস্তানৰ পৰা 2014চনৰ 31 ডিচেম্বৰলৈকে ভাৰতলৈ অহা শৰণাৰ্থীক নাগৰিকত্ব প্ৰদান কৰিব ৷

লগতে চাওকঃগুৱাহাটী,শোণিতপুৰত বিয়লিলৈ শিথিল সান্ধ্য আইন

Last Updated : Dec 14, 2019, 8:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.