নিউজ ডেস্ক, ১২ জুনঃ মহাৰাষ্ট্ৰত পুনৰ ঘোষণা কৰা নহয় লক ডাউন। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী উদ্ধৱ বালা চাহেব থাকৰে ৰাজ্য়বাসীক কোনো ঠাইতে জনসমাগম নকৰিবলৈ আহ্বান জনাই। লগতে, কোভিড ১৯ সংক্ৰমণ ৰোধৰ বাবে সকলো লোককে চৰকাৰে জাৰি কৰা নীতি-নিয়ম মানি চলিবলৈ অনুৰোধ চলায়। মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটাৰযোগে এই আহ্বান জনাই মহৰাষ্ট্ৰবাসীক ।
ৰাজ্যখনত প্ৰতিদিনে দ্ৰুত গতিত কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ লক ডাউন ঘোষণা কৰা হ'ব পাৰে বুলি চৰ্চা অব্যাহত আছিল। তেনে সময়তেই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে পুনৰ লক ডাউন ঘোষণা কৰা নহয় বুলি উল্লেখ কৰে।
স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি মহাৰাষ্ট্ৰত ৯৭,৬৪৮ গৰাকী লোকলৈ সংক্ৰমিত হৈছে কোভিড-১৯ ৰ বীজাণু। দেশৰ ভিতৰতে মহাৰাষ্ট্ৰত সৰ্বাধিক লোক আক্ৰান্ত হৈছে কোভিড-১৯ ত। একেদৰে, দেশজুৰি বিগত ২৪ ঘণ্টাত ১০,৯৫৬ গৰাকী লোকৰ কোভিড-১৯ পজিটিভ পোৱাৰ বিপৰীতে মৃত্যু হৈছে ৩৯৬ গৰাকী ৰোগীৰ।
লগতে চাওকঃ যিশুখ্ৰীষ্টৰ সোণৰ মূৰ্তিসহ হাউলী আৰক্ষীৰ জালত 8 জনীয়া ডকাইতৰ দল