শনিবাৰে 81 বছৰ বয়সত দেহাৱসান ঘটে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ ৷ বিচিত্ৰ ৰাজনৈতিক অভিজ্ঞতা, প্ৰাপ্তি-অপ্ৰাপ্তি, অতুলনীয় ব্যক্তিত্বৰে পৰিপূৰ্ণ আছিল এইগৰাকী প্ৰবীণ কংগ্ৰেছ নেত্ৰী ৷ একেৰাহে তিনিটা কাৰ্যকালৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত আছিল শীলা দীক্ষিত ৷ দীক্ষিতৰ জীৱন পৰিক্ৰমাৰ কিছু গুৰুত্বপূৰ্ণ মুহূৰ্ত আৰু সফলতা-বিফলতা তলত উল্লেখ কৰা হ'ল ৷
শৈশৱ আৰু শিক্ষাঃ
- 1938 চনৰ 31 মাৰ্চত পঞ্জাৱত শীলা দীক্ষিতৰ জন্ম হৈছিল ৷
- নতুন দিল্লীৰ কনভেণ্ট অৱ্ জিচাচ আৰু মেৰী স্কুলত তেওঁ আনুষ্ঠানিক শিক্ষাৰ আদিভাগ গ্ৰহণ কৰে ৷
- দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ মিৰাণ্ডা হাউছৰ পৰা দীক্ষিতে ইতিহাস বিষয়ত স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰিছিল ৷
- দিল্লী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ পি এইছ ডিও লাভ কৰে ৷
ৰাজনৈতিক জীৱনঃ
- শীলা দীক্ষিতৰ ৰাজনৈতিক জীৱনৰ পাতনি ঘটিছিল উত্তৰ প্ৰদেশত ৷ উত্তৰ প্ৰদেশৰ পৰাই তেওঁ লোকসভালৈ নিৰ্বাচিত হৈছিল ৷
- 1984 আৰু 1989 চনলৈকে উত্তৰ প্ৰদেশৰ কনৌজ সমষ্টিক লোকসভাত প্ৰতিনিধিত্ব কৰিছিল দীক্ষিতে ৷
- ৰাজীৱ গান্ধীৰ চৰকাৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল শীলা দীক্ষিতে ৷ তেওঁ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী আছিল ৷
- 1990 চনত উত্তৰ প্ৰদেশত নাৰী নিৰ্যাতনৰ বিৰুদ্ধে এক আন্দোলনৰ নেতৃত্ব দি 23 দিনৰ বাবে কাৰাবাস খাটিছিল শীলা দীক্ষিতে ৷
- 1998 চনত পূব দিল্লী সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হৈছিল তেওঁ ৷ দীক্ষিতৰ বিৰুদ্ধে জয়লাভ কৰিছিল বিজেপিৰ লাল বিহাৰ তিৱাৰীয়ে ৷
- 1998 চনত দিল্লীৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল এইগৰাকী কংগ্ৰেছ নেত্ৰী ৷ একেৰাহে তিনিটা কাৰ্যকালৰ বাবে দিল্লীত কংগ্ৰেছক জয়ৰ সোৱাদ দিছিল শীলা দীক্ষিতে ৷
- দিল্লীৰ মুখ্যমন্ত্ৰী পদত সৰ্বাধিক কাল কাৰ্যনিৰ্বাহ কৰা তেৱেঁই একমাত্ৰ মুখ্যমন্ত্ৰী ৷
- সৰ্বাধিক কাল মুখ্যমন্ত্ৰিত্বৰ পদত অধিষ্ঠিত একমাত্ৰ ভাৰতীয় মহিলাৰ কৃতিত্বৰো অধিকাৰী শীলা দীক্ষিত ৷
- 2013 চনত নতুন দিল্লী বিধানসভা সমষ্টিত আম আদমী পাৰ্টীৰ অৰবিন্দ কেজৰিৱালে পৰাস্ত কৰে শীলা দীক্ষিতক ৷
- ইয়াৰ লগে লগে কংগ্ৰেছৰ 15 বছৰীয়া ৰাজত্বৰ অন্ত পেলাই দিল্লীত আম আদমী পাৰ্টীয়ে চৰকাৰ গঠন কৰে ৷
- 2014 চনৰ মাৰ্চত কেৰালাৰ ৰাজ্যপাল হিচাপে শীলা দীক্ষিতক নিযুক্তি দিয়া হৈছিল ৷
- অৱশ্যে পাঁচমাহৰ পাছতে তেওঁ পদত্যাগ কৰিবলৈ বাধ্য হয় ৷
- শেহতীয়া লোকসভা নিৰ্বাচনৰ পূৰ্বে দীক্ষিতক দিল্লী কংগ্ৰেছৰ মুৰব্বী হিচাপে দায়িত্ব দিয়া হৈছিল ৷
- উত্তৰ-পূব দিল্লী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বিজেপিৰ মনোজ তিৱাৰীৰ হাতত পৰাজিত হয় এইগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী ৷
পাৰিবাৰিক জীৱনঃ
- প্ৰয়াত আই এ এছ বিষয়া বিনোদ দীক্ষিতৰ সৈতে শীলা দীক্ষিতৰ বিবাহ সম্পন্ন হৈছিল ৷
- বিনোদ দীক্ষিতৰ পিতৃ তথা শীলা দীক্ষিতৰ শহুৰেক উমাশংকৰ দীক্ষিত ইন্দিৰা গান্ধী কেবিনেটৰ মন্ত্ৰী আছিল ৷
- মৃত্যুৰ সময়ত শীলা দীক্ষিতে পুত্ৰ তথা কংগ্ৰেছ নেতা সন্দীপ দীক্ষিত আৰু কন্যা লতিকা ছৈয়দক এৰি থৈ যায় ৷