নিউজ ডেস্ক, ১২ জুনঃ হিমাচল প্ৰদেশৰ কুল্লুত ৫৩ লাখ টকাৰ মূল্যৰ ৪২.০৫ কেজি গাঞ্জাসহ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয় । বিগত ১২ বছৰত হিমাচল প্ৰদেশত এয়া বৃহৎ গাঞ্জা উদ্ধাৰৰ ঘটনা ।
আনহাতে অভিযুক্ত লিলাধৰে নিজৰ ঘৰৰ পৰা ট্ৰাকেৰে গাঞ্জাখিনি নি থকা অৱস্থাতে তালাছীৰ সময়ত বানঝাৰত ধৰা পৰে ৷ সমগ্ৰ বিষয়ৰ ওপৰত কুল্লুৰ আৰক্ষী অধীক্ষক গৌৰৱ সিঙে কয় যে, NDPSৰ অধীনত গোছৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখা হৈছে । ইপিনে বিগত ২০১৯ চনৰ পৰা বৰ্তমানলৈকে ২১৮ কেজি গাঞ্জা আৰক্ষীয়ে সমগ্ৰ কুল্লু অঞ্চলত জব্দ কৰিছে ।
লগতে চাওকঃ ছেনচেক্স ১২০০ পইণ্ট হ্ৰাসেৰে মুকলি ভাৰতীয় শ্বেয়াৰ বজাৰ