নিউজ ডেস্ক, 27 অক্টোবৰঃ হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ পিচতে দেওবাৰে নৱগঠিত চৰকাৰখনে শপতগ্ৰহণ কৰে ৷ হাৰিয়ানাৰ পূৰ্বৰ মুখ্যমন্ত্ৰী মনোহৰ খাট্টাৰে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰাৰ লগতে দুষ্যন্ত চৌতালাই উপ-মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰে ৷
লগতে পঢ়কঃ দেশবাসীক দীপাৱলীৰ শুভেচ্ছা ৰাষ্ট্ৰপতিৰ লগতে প্ৰধানমন্ত্ৰীৰ
হাৰিয়ানাৰ শেহতীয়া নিৰ্বাচনত 90খন আসনৰ ভিতৰত বিজেপিয়ে 40খন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছিল ৷ দেশৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী দেবী লালৰ আজোনাতি দুষ্যন্ত চৌতালাৰ জেজেপি দলৰ সৈতে জোঁটবন্ধনত ৰাজ্যখনত চৰকাৰ গঠন কৰে বিজেপিয়ে ৷ ৰাজ্যখনত সৰ্বমুঠ 40 গৰাকী বিজেপি বিধায়ক, 10 গৰাকী জেজেপি বিধায়ক আৰু 7 গৰাকী নিৰ্দলীয় বিধায়কৰ সৈতে বিজেপিয়ে চৰকাৰ গঠন কৰে ৷
শপতগ্ৰহণ অনুষ্ঠানত পঞ্জাৱৰ পাঁচবাৰকৈ মুখ্যমন্ত্ৰী হোৱা প্ৰকাশ সিং বাদলে নিজ পুত্ৰ আৰু সাংসদসকলৰ সৈতে শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ ইয়াৰ উপৰিও দুষ্যন্ত চৌতালাৰ পিতৃ অজয় চৌতালা তথা বিজেপি দলৰ বহুসংখ্যক সাংসদে শপতগ্ৰহণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷