ETV Bharat / bharat

বহি:বিশ্বৰ সৈতে সংযোগ বিছিন্ন কাশ্মীৰ উপত্যকাৰ - 144 সংখ্যক ধাৰা জাৰি

মোবাইল সেৱা, ইন্টাৰনেট সংযোগ আৰু কেবল টিভি সেৱা বন্ধ জম্মু -কাশ্মীৰত ৷ পাঁচদিন ধৰি বিছিন্ন বহি:বিশ্বৰে সংযোগ ৷

বহি: বিশ্বৰ সৈতে সংযোগ বিছিন্ন কাশ্মীৰ উপত্যকাৰ
author img

By

Published : Aug 9, 2019, 4:08 PM IST

নেশ্বনেল ডেস্ক, 9 আগষ্ট : জম্মু - কাশ্মীৰত সংবিধানৰ 370 সংখ্যক অনুচ্ছেদ বাতিলৰ পাচতে বহি: বিশ্বৰ সৈতে কাশ্মীৰ উপত্যকাৰ সংযোগ বিছিন্ন হৈ পৰিছে ৷ 144 ধাৰা জাৰি কৰাৰ পাছতে সম্পূৰ্ণৰূপে মোবাইল সেৱা, ইন্টাৰনেট সংযোগ আৰু কেবল টিভি সেৱা বন্ধ কৰি দিয়া হৈছে ৰাজ্যখনত ৷ অনুচ্ছেদ 370 বাতিলৰ কৰি প্ৰায় 40,000 অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে অশান্তজৰ্জৰ ৰাজ্যখনৰ বিভিন্ন স্থানত ৷ সন্ত্ৰাসবাদী আক্ৰমণৰ সম্ভাব্য স্থান সমূহত 'হাই এলাৰ্ট' জাৰি কৰাৰ লগতে ঘোষণা কৰা হৈছে সান্ধ্য আইন ৷ ৰাজ্যখনৰ জনসাধাৰণৰ মাজত উৎকন্ঠা বৃদ্ধি পোৱাৰ লগতে আশংকাত দিন কটাইছে এই লোকসকলে ৷ সমগ্ৰ দেশৰ লগতে বহি: বিশ্বৰ সৈতে সংযোগ বিছিন্ন হৈ পৰাত ৰাজ্যখনৰ বাহিৰত কৰ্মসূত্ৰে থকা লোকসকলেও নিজ পৰিয়ালৰ চিন্তাত উজাগৰী নিশা কটাবলগীয়া হৈছে ৷

বহি: বিশ্বৰ সৈতে সংযোগ বিছিন্ন কাশ্মীৰ উপত্যকাৰ

স্থানীয় এগৰাকী মহিলাই এই সম্পৰ্কত মন্তব্য কৰে যে, নিজ গৃহ ৰাজ্যতে এনেদৰে বন্দী হৈ পৰাৰ লগতে মুক্তভাৱে বিচৰণ কৰিব নোৱাৰা হৈ পৰিছে অঞ্চলটোত ৷ একাংশ সংবাদ মাধ্যমৰ জৰিয়তে 370 অনুচ্ছেদ বাতিলৰ পাছত আনন্দত আত্মহাৰা হোৱা ভিডিঅ' প্ৰকাশ পোৱা লোকসকল চৰকাৰী এজেন্টৰ বাহিৰে আন কোনো নহয় বুলি মন্তব্য কৰে স্থানীয় লোকে ৷ সান্ধ্য আইন প্ৰত্যাহাৰ কৰি ইয়াৰ বিৰোধিতা কৰিবলৈ অধিকাৰ প্ৰদান কৰক বুলিও নাগৰিকসকলে প্ৰত্যাহ্বান জনাই কেন্দ্ৰীয় চৰকাৰক ৷

জৰুৰীকালীন চিকিৎসা ব্যৱস্থাৰ সময়ত ৰোগীক চিকিৎসালয়লৈ আহিবলৈ অনুমতি প্ৰদান নকৰাত ক্ষোভ প্ৰকাশ কৰে বহু চিকিৎসকে ৷ সময়ত চিকিৎসালয়ত উপস্থিত হ'ব নোৱাৰা বাবে একাংশ ৰোগীয়ে প্ৰাণ হেৰুৱাইছে বুলিও মন্তব্য কৰে চিকিৎসক সকলে ৷ আনহাতে, নিজৰ কৰ্মৰত চিকিৎসালয়লৈ যাবলৈও সান্ধ্য আইন পাছ খোজাত খৰ্গহস্ত হৈ পৰিছে চিকিৎসক সকল ৷

উদ্যোগ স্থাপনেৰে কাশ্মীৰৰ পৰিস্থিতিতন্ত্ৰ ধংসৰ চেষ্টা কৰাৰ লগতে নিজ সমৰ্থিত উদ্যোগপতি সকলৰ পকেট গধুৰ কৰাৰ চিন্তা - চৰ্চা চলোৱা বুলি মন্তব্য কৰে স্থানীয় লোকে ৷ এনে কৰাৰ ফলত দুখীয়া শ্ৰেণী দুখীয়াই হৈ ৰ'ব আৰু ধনী সকল পূৰ্বতকৈ ধনী হ'ব বুলি মন্তব্য কৰে প্ৰতিবাদী সকলে ৷

তেওঁলোকৰ মতে, এইয়া মোডী চৰকাৰৰ গণতন্ত্ৰ নহয়, এইয়া একনায়কত্ববাদ ৷ জম্মু - কাশ্মীৰৰ জনতাৰ মন জয় কৰিবলৈ হ'লে প্ৰথমে সান্ধ্য আইন প্ৰত্যাহাৰ কৰক বুলিও ক্ষোভ প্ৰকাশ কৰে লোকসকলে ৷

এই সন্দৰ্ভত চাওক জম্মু - কাশ্মীৰৰ পৰা গ্ৰাউণ্ড ৰিপোৰ্ট -

Intro:Body:

reaction of kashmiri people on abrogation of article 370

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.