নিউজ ডেস্ক, ৫আগষ্ট : কৰ'ণাত আক্ৰান্ত হৈ কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চিদ্দাৰামাইয়াৰ বৰ্তমান চিকিৎসাধীন হৈ আছে বেংগালুৰুৰ মনিপাল হাস্পতালত । চিকিৎসকৰ মতে,বৰ্তমান কোনো জ্বৰৰ লক্ষণ নাই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ দেহত । তাৰোপৰি তেখেতৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ হৈ আছে । প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্য সম্পৰ্কত বুধবাৰে চিকিৎসালয় কৰ্তৃপক্ষই জনালে এই কথা ।
চিকিৎসালয় কৰ্তৃপক্ষই সদৰী কৰা মতে,কৰ্ণাটকৰ বৰ্তমানৰ বিধানসভাৰ 71বছৰীয়া বিৰোধী এই নেতাগৰাকীৰ চিকিৎসা বিশেষজ্ঞ চিকিৎসকৰ নিৰীক্ষণত কৰি থকা হৈছে । চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছত বৰ্তমানলৈ তেখেতৰ স্বাস্থ্যৰ বহুখিনি উন্নতি আহিছে আৰু অতি সহজভাৱেই এতিয়া সময় কটাইছে ।
প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ পুত্ৰ ড: যতীন্দ্ৰ চিদ্দাৰামাইয়াই জানিবলৈ দিয়া মতে,সোমবাৰে নিশা জ্বৰত আক্ৰান্ত হোৱাৰ পাছতে নিশাই তেখেতক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।