ETV Bharat / bharat

বিহুৰ দিনাই দেশৰ হকে প্ৰাণ দিলে অসম মাতৃৰ সুযোগ্য সন্তানে

author img

By

Published : Apr 15, 2019, 3:36 PM IST

ঝাৰখণ্ডৰ গিৰিধত সোমবাৰে পুৱাৰ ভাগত সংঘটিত সংঘৰ্ষত দেশৰ হকে যুঁজি শ্বহীদ হয় বিশ্বজিৎ চৌহান ৷

বিহুৰ দিনাই দেশৰ হকে প্ৰাণ দিলে অসম মাতৃৰ সুযোগ্য সন্তানে

ওদালগুৰি, 15 এপ্ৰিলঃ যি সময়ত ৰাজ্যবাসী বিহুৰ আনন্দত মতলীয়া হৈ আছে, তেনে সময়তে নিজৰ কৰ্তব্য পালন কৰি দেশমাতৃৰ বাবে নিজৰ সৰ্বোচ্চ ত্যাগ কৰিলে এগৰাকী অসমীয়া বীৰে ৷ সোমবাৰে ৰাতিপুৱাৰ ভাগত ঝাৰখণ্ডৰ গিৰিধত সংঘটিত এক সংঘৰ্ষত শ্বহীদ হয় অসম মাতৃৰ আন এগৰাকী বীৰ জোৱান ৷

সোমবাৰে নক্সাল অধ্যুষিত ঝাৰখণ্ডৰ গিৰিধত ৰাতিপুৱা 6 বাজি 15 মিনিটত নিয়মীয়া তালাচী অভিযানৰ সময়তে চি আৰ পি এফৰ সৈতে সংঘৰ্ষত লিপ্ত হয় মাওবাদীৰ এটি দল ৷ চি আৰ পি এফৰ সপ্তম বেটালিয়নৰ তহলদাৰী দলটোৰ সৈতে হোৱা সংঘৰ্ষত তিনিগৰাকী মাওবাদী নিহত হোৱাৰ বিপৰীতে শ্বহীদ হয় অসম মাতৃৰ সুযোগ্য সন্তান বিশ্বজিৎ চৌহান ৷

etvbharatassam

ঘটনাস্থলীৰ পৰা এটা একে 47, তিনিটা মেগজিন, চাৰিটা পাইপ বোমাৰ লগতে বহুটো সন্দেহজনক নথি-পত্ৰ উদ্ধাৰ কৰা হৈছে ৷ চি আৰ পি এফ কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি শ্বহীদ বিশ্বজিতৰ ঘৰ অসমৰ ওদালগুৰি জিলাৰ কলাইগাঁও আৰক্ষী চকীৰ অন্তৰ্গত পুথিমাৰী গাঁৱত বুলি জানিব পৰা গৈছে ৷

Intro:Body:

IMG-20190415-WA0030.

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.