নতুন দিল্লী,22 মাৰ্চ : দিল্লী আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ জইচ-ই-মহম্মদৰ সদস্য ৷ পুলৱামা কাণ্ডৰ মাষ্টাৰ মাইণ্ড মুদাচ্চিৰ আহমেদৰ খানৰ ঘনিষ্ঠআছিল গ্ৰেপ্তাৰ হোৱা সন্ত্ৰাসবাদীটো ৷ দৃত সন্ত্ৰাসবাদীটোৰ নাম ছাজাদ খান ৷
আৰক্ষী সূত্ৰত প্ৰকাশ কৰা অনুসৰি এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা লালকিল্লাৰ সমীপৰ পৰা বস্ত্ৰব্যৱসায়ীৰ বেশেৰে থকা ছাজাদ খানক গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীয়ে বৰ্তমান ছাজাদ খানক জেৰা অব্যাহত অব্যাহত ৰাখিছে ৷ আৰক্ষীৰ অনুসন্ধানত ছাজাদ খানৰ লগত পুলৱামা কাণ্ডৰ বিষয়ে তথ্য থকা বুলি জানিব পৰা গৈছে ৷