নিউজ ডেস্ক, 24 অক্টোবৰ : শনিবাৰে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী জী কিশান ৰেড্ডীয়ে আই টি বি পিৰ 59তম প্ৰতিষ্টা দিৱসত ভাৰত-তীব্বত সীমান্ত আৰক্ষী চমুকৈ আই টি বি পিৰ সেনা জোৱান সকলক কৰিলে সম্বোধন ৷
কেন্দ্ৰীয় মন্ত্ৰী জী কিশান ৰেড্ডীয়ে লাডাখত ভাৰত আৰু চীনৰ মাজৰ চলি থকা মুখামুখি সংঘাত সন্দৰ্ভত শনিবাৰে কয় যে, ভাৰত-তীব্বত সীমা পুলিচ (ITBP)য়ে কিছুমান দেশে তেওঁলোকৰ ওচৰত শক্তিশালী সেনা থকা বুলি কৰি অহা কল্পনাক ভংগ কৰিবলৈ সক্ষম হৈছে ৷
"আমাক শিকোৱা হৈছে যে শত্ৰুৱে যিকোনো সময়তে, যিকোনো স্থানত মূৰ ডাঙিব পাৰে আৰু আমি তেনে যিকোনো সম্ভাৱনাক প্ৰতিহত কৰিবলৈ সম্পূৰ্ণৰূপে সাজু থাকিব লাগে। আই টি বি পি হৈছে সম্পূৰ্ণ প্ৰস্তুতিৰে দেশৰ এক গুৰুত্বপূৰ্ণ অংগ," ৰেড্ডীয়ে কয়।
লগতে পঢ়ক: ভুৱা টিআৰপি কেলেংকাৰী সন্দৰ্ভত আৰু এজনক আটক