ETV Bharat / bharat

পুনৰ জামিন আবেদন নাকচ প্ৰাক্তন বিত্তমন্ত্ৰীৰ

আইএনএক্স মিডিয়া গোচৰত গ্ৰেপ্তাৰ হোৱা দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ জামিন আবেদন পুনৰ নাকচ কৰিলে উচ্চ ন্যায়ালয়ে ৷

দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী
author img

By

Published : Sep 30, 2019, 7:30 PM IST

নিউজ ডেস্ক, 30 ছেপ্টেম্বৰঃ দিল্লী উচ্চ ন্যায়ালয়ে সোমবাৰে পুনৰ বাতিল কৰিলে প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ জামিন আবেদন ৷ আইএনএক্স মিডিয়া কেলেংকাৰী গোচৰত চিবিআয়ে গ্ৰেপ্তাৰ কৰিছিল দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীক ৷

আগষ্ট মাহৰ 21 তাৰিখে গ্ৰেপ্তাৰ হোৱাৰ পিচৰে পৰাই চিবিআইৰ জিম্মাত আছে প্ৰাক্তন গৃহমন্ত্ৰীগৰাকী ৷ জামিন আবেদনৰ শুনানিৰ সময়ত চিবিআইৰ তদন্ত উচ্চ পৰ্যায়ত উপনীত হোৱা বুলি জনায় দিল্লী উচ্চ ন্যায়ালয়ে ৷ ন্যায়াধীশ সুৰেশ কেইটে দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী, প্ৰাক্তন গৃহমন্ত্ৰী, বৰ্তমানৰ সাংসদ আৰু দীৰ্ঘদিন অধিবক্তা হিচাপে ওকালতি কৰা জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীক জামিন আবেদন গৃহীত কৰাৰ পৰা বিৰত থাকে ৷ প্ৰমাণ নষ্ট কৰা আৰু সাক্ষীক প্ৰভাৱিত কৰাৰ বাবেই এইদৰে সাক্ষ্য-প্ৰমানৰ দোহাই দি দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰীগৰাকীৰ জামিন আবেদন নাকচ কৰে দিল্লী উচ্চ ন্যায়ালয়ে ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.