ETV Bharat / bharat

ৱাঘা সীমান্তৰে ভাৰতৰ ভূমিলৈ ভাৰতীয় উচ্চায়ুক্ত

author img

By

Published : Aug 8, 2019, 9:37 PM IST

অনুচ্ছেদ 370 প্ৰত্যাহাৰ আৰু জম্মু-কাশ্মীৰক দুভাগত বিভক্ত কৰি কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা কৰাৰ পিচতেই অশান্ত হৈ পৰিছে পাকিস্তান ৷ ভাৰতৰ আভ্যন্তৰীণ সিদ্ধান্তত দখল দি পাকিস্তানে নিজৰ চৰাচৰিত চৰিত্ৰৰে ভাৰতৰ সৈতে বাতিল কৰিছে সকলোধৰণৰ বৈদেশিক,ৰাজনৈতিক,কূটনৈতিক আৰু বাণিজ্যিক সম্পৰ্ক ৷ ইতিমধ্যে পাকিস্তানৰ পৰা ভাৰতলৈ উভটি আহিবলৈ নিৰ্দেশ দিয়া হৈছে দেশখনত থকা ভাৰতীয় উচ্চায়ুক্তক ৷

ৱাঘাহ সীমান্তৰে ভাৰতৰ ভূমিলৈ ভাৰতীয় উচ্চায়ুক্ত

নিউজ ডেস্ক, 8 আগষ্টঃ পাকিস্তানৰ নেশ্বনেল চিকিউৰিটী কমিটিয়ে ভাৰতৰ সৈতে সকলোধৰণৰ আমোলাতান্ত্ৰিক সম্পৰ্ক ছেদ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷ সেই অনুসৰিয়ে পাকিস্তানত থকা ভাৰতীয় উচ্চায়ুক্তক ভাৰতলৈ উভটি আহিবলৈ কৈছে পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে ৷ পাকিস্তানত থকা ভাৰতীয় উচ্চায়ুক্ত অজয় বিছাৰিয়াক তৎকালীনভাৱে ভাৰতলৈ উভটি আহিবলৈ নিৰ্দেশনা দিয়াৰ পিচতে ইছলামাবাদ ত্যাগ কৰাৰ সিদ্ধান্ত লয় ভাৰতীয় উচ্চায়ুক্তগৰাকীয়ে ৷ পাকিস্তানত এবছৰ সাত মাহ আৰু 25 দিনৰ কৰ্তব্য ইতিমধ্যে সমাপ্ত কৰিছে ভাৰতীয় উচ্চাযুক্তগৰাকীয়ে ৷ পাকিস্তানৰ এই সিদ্ধান্তৰ পিচতে ৱাঘা সীমান্তৰে ভাৰতৰ ভূমিত প্ৰৱেশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ভাৰতীয় উচ্চায়ুক্তগৰাকীয়ে ৷ ইয়াৰ কিছুদিন পূৰ্বে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী শ্বাহ মহম্মদ কুৰেশ্বীয়ে ভাৰতত থকা পাকিস্তানী ৰাষ্ট্ৰদূতক উভটি আহিবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল ৷

Intro:Body:

ৱাঘাহ সীমান্তৰে ভাৰতৰ ভূমিত প্ৰৱেশ কৰিব পাকিস্তানত থকা ভাৰতীয় উচ্চায়ুক্ত

অনুচ্ছেদ 370 প্ৰত্যাহাৰ আৰু জম্মু-কাশ্মীৰক দুভাগত বিভক্ত কৰি কেন্দ্ৰীয়শাসিত অঞ্চল ঘোষণা কৰাৰ পিচতেই অশান্ত হৈ পৰিছে পাকিস্তান ৷ ভাৰতৰ আভ্যন্তৰীন সিদ্ধান্ত দখল দি পাকিস্তানে নিজৰ চৰাচৰিত চৰিত্ৰৰে ভাৰতৰ সৈতে বাতিল কৰিছে সকলোধৰনৰ বৈদেশিক, ৰাজনৈতিক, কূটনৈতিক আৰু বানিজ্যিক সম্পৰ্ক ৷ ইতিমধ্যে পাকিস্তানৰ পৰা ভাৰতলৈ উভটি আহিবলৈ নিৰ্দেশ দিয়া হৈছে দেশখনত থকা ভাৰতীয় উচ্চায়ুক্তক ৷ 

নিউজ ডেস্ক, 8 আগষ্টঃ পাকিস্তানৰ নেশ্বনেল চিকিউৰিটী কমিটিয়ে ভাৰতৰ সৈতে সকলোধৰনৰ আমোলাতান্ত্ৰিক সম্পৰ্ক ছেদ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷ সেই অনুসৰিয়ে পাকিস্তানত থকা ভাৰতীয় উচ্চায়ুক্তক ভাৰতলৈ উভটি আহিবলৈ কৈছে পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে ৷ পাকিস্তানত থকা ভাৰতীয় উচ্চায়ুক্ত অজয় বিছাৰিয়াক তৎকালীনভাৱে ভাৰতলৈ উভটি আহিবলৈ নিৰ্দেশনা দিয়াৰ পিচতে ইছলামাবাদ ত্যাগ কৰাৰ সিদ্ধান্ত হয় ভাৰতীয় উচ্চায়ুক্তগৰাকীয়ে ৷ পাকিস্তানত এবছৰ সাত মাহ আৰু 25 দিনৰ কৰ্তব্য ইতিমধ্যে সমাপ্ত কৰিছে ভাৰতীয় উচ্চাযুক্তগৰাকীয়ে ৷ পাকিস্তানৰ এই সিদ্ধান্তৰ পিচতে ৱাঘাহ সীমান্তৰে ভাৰতৰ ভূমিত প্ৰৱেশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ভাৰতীয় উচ্চায়ুক্তগৰাকীয়ে ৷ ইয়াৰ কিছুদিন পূৰ্বে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী শ্বাহ মহম্মদ কুৰেশ্বীয়ে ভাৰতত থকা পাকিস্তানী ৰাষ্ট্ৰদূতক উভটি আহিবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.