ETV Bharat / bharat

ভাৰতীয় সেনাই উদ্ধাৰ কৰিলে লাডাখত আৱদ্ধ পৰ্যটকক - TWEET

লাডাখ ভ্ৰমণলৈ আহি তুষাৰপাতৰ মাজত আৱদ্ধ হৈ পৰা বহুকেইগৰাকী পৰ্যটকক উদ্ধাৰ কৰিছে ভাৰতীয় সেনাই ৷

ভাৰতীয় সেনাই উদ্ধাৰ কৰিলে লাডাখত আৱদ্ধ পৰ্যটকক
author img

By

Published : Jun 15, 2019, 1:30 PM IST

নিউজ ডেস্ক, 15 জুনঃ ভাৰতীয় সেনাৰ এটি উদ্ধাৰকাৰী বাহিনীয়ে লাডাখত আৱদ্ধ হৈ পৰা এটি পৰ্যটকৰ দলক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ তুষাৰপাতৰ ফলতেই হিমালয়ৰ উচ্চতাত আৱদ্ধ হৈ পৰা দলটোত আছিল প্ৰায় 81গৰাকী পৰ্যটক ৷

ভাৰতীয় সেনাৰ নৰ্থান কামাণ্ডে টুইটাৰযোগে প্ৰকাশ কৰিছে এই কথা ৷ সেই অনুসৰি, লাডাখৰ ছায়ক অঞ্চলৰ পাৰটাপু-টুৰ্টুক পথত আৱদ্ধ হৈ আছিল পৰ্যটকৰ এটি 81জনীয়া দল ৷ সেনাই এই বিষয়ে জানিব পাৰি ততালিকে পৰ্যটকসকলক উদ্ধাৰ কৰি নিৰ্দিষ্ট স্থানলৈ লৈ আনে ৷

ইতিমধ্যেই সেনাৰ দলটোৱে উদ্ধাৰ কৰি অনা পৰ্যটকসকলক প্ৰাথমিক স্বাস্থ্য পৰীক্ষাৰ অন্তত কাপোৰ, কম্বল আদিৰ লগতে খাদ্য আৰু আশ্ৰয় প্ৰদান কৰিছে ৷

Intro:Body:

INDIAN ARMY RESCUE TOURIST FROM LADAKH 

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.