ETV Bharat / bharat

ভাৰতীয় সেনালৈ প্ৰেৰণ "ভাৰত" নামৰ এটা বিশেষ ড্ৰোণ - লাডাখ

ভাৰতীয় সেনাক লাডাখৰ নিয়ন্ত্ৰণ ৰেখাত নজৰ ৰাখিবলৈ DRDO য়ে প্ৰেৰণ কৰে "ভাৰত" নামৰ এটা বিশেষ ড্ৰোণ । এই ড্ৰোণটোৰে ভাৰতীয় সেনাই পাৰ্বত্য অঞ্চল তথা সু-উচ্চ অঞ্চলত নজৰ ৰাখিবলৈ বাবে সহায় হ'ব বুলি জানিবলৈ দিয়ে DRDO য়ে ।

 লাডাখ
লাডাখ
author img

By

Published : Jul 21, 2020, 7:48 PM IST

নিউজ ডেস্ক, ২১ জুলাইঃ ভাৰত-চীনৰ মাজত চলা সীমা বিবাদৰ বাবেই DRDO য়ে পূৰ্ব লাডাখৰ নিয়ন্ত্ৰণ ৰেখাৰ পাৰ্বত্য অঞ্চল তথা সু-উচ্চ অঞ্চলত নজৰ ৰাখিবলৈ ভাৰতীয় সেনালৈ প্ৰেৰণ কৰে "ভাৰত" নামৰ এটা বিশেষ ড্ৰোণ ।

 লাডাখ
নিয়ন্ত্ৰণ ৰেখাত নজৰ ৰাখিবলৈ ভাৰতীয় সেনালৈ প্ৰেৰণ "ভাৰত" নামৰ এটা বিশেষ ড্ৰোণ

সংবাদ সংস্থাই (News Agency)প্ৰতিৰক্ষা সূত্ৰৰ পৰা লাভ কৰা খবৰ ভিত্তিত কয় যে,ভাৰতীয় সেনাই পূৰ্ব লাডাখত ভাৰত-চীনৰ মাজত চলা সংঘৰ্ষ সন্দৰ্ভত সঠিকভাৱে নজৰ ৰাখিবলৈ ড্ৰোণৰ প্ৰয়োজন। যাৰ বাবেই DRDO য়ে ভাৰত নামৰ এই বিশেষ ড্ৰোণ প্ৰেৰণ কৰে ।

পূৰ্ব লাডাখত নিয়োজিত এই ভাৰত নামৰ ড্ৰোণবিলাক প্ৰতিৰক্ষা গৱেষণা চণ্ডীগড়ৰৰ এটি গৱেষণাগাৰত প্ৰস্তুত কৰা হৈছে । DRDO ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, সৰু তথা শক্তিশালী এই ড্ৰোণটোৱে যিকোনো স্থানতে নিৰ্ভুলভাৱে কাম কৰিব পাৰে। উন্নতমানৰ প্ৰযুক্তিৰে তৈয়াৰ কৰা এই ড্ৰোণ যিকোনো ঘটনাৰ ওপৰত নজৰ ৰাখিবলৈ কৰা অভিযানৰ বাবে অত্যন্ত ফলদায়ক ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.