ETV Bharat / bharat

খাদ্য সংকটৰ গৰাহত ভাৰত : কোভিড-19 তকৈ ভয়াবহ হোৱাৰ সম্ভাৱনা - প্ৰদীপ সিংঘাল

কোভিড-19 তকৈ ভয়াবহ ৰূপ ধাৰণ কৰিব খাদ্য সংকটে ৷ এই মন্তব্য় প্ৰদীপ সিংঘালৰ ৷

কোভিড-19 তকৈ ভয়াবহ হোৱাৰ সম্ভাৱনা
খাদ্য সংকটৰ গৰাহত ভাৰত
author img

By

Published : Apr 1, 2020, 9:47 PM IST

নেশ্যনেল ডেস্ক, 1 এপ্ৰিল : কোভিড-19 তকৈও জটিল সংকটে দেখা দিয়াৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ভাৰতবৰ্ষত ৷ লকডাউনৰ ফলত খাদ্যৰ যোগান আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱ হোৱাৰ উপক্ৰম হৈছে ভাৰতত ৷

ৰাষ্ট্ৰীয় ঘাইপথ, ৰাজ্যসমূহৰ সীমান্ত আৰু অন্য় অঞ্চলসমূহত খাদ্য সামগ্ৰী কঢ়িওৱা প্ৰায় 5,00,000 ট্ৰাক আৱদ্ধ হৈ থকাৰ ফলত খাদ্যৰ তীব্ৰ সংকটে দেখা দিয়াৰ আশংকা কৰা হৈছে ৷

সৰ্ব ভাৰতীয় পৰিৱহণ উন্নয়ন সংস্থাৰ (All India Transporters’ Welfare Association) অধ্যক্ষ প্ৰদীপ সিংঘালে ইটিভি ভাৰতক জানিবলৈ দিয়ে, "এয়া এক চিন্তনীয় সময় ৷ বহুসংখ্যক সামগ্ৰী কঢ়িওৱা 5,00,000 ট্ৰাক দেশৰ বিভিন্ন স্থানত আৱদ্ধ হৈ আছে ৷ স্থানীয় প্ৰশাসনসমূহে এই ক্ষেত্ৰত কোনো সহযোগিতা প্ৰদান নাই কৰা আৰু কেৱল লকডাউনৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিছে ৷ ইয়াৰোপৰি, স্থানীয় আৰক্ষী জোৱানে বহু ট্ৰাক ড্ৰাইভাৰক লাঠিছালনা কৰাৰ লগতে এনে সংকটৰ সময়ত ঘোচ বিচাৰিছে ৷"

সিংঘালে লগতে কয় যে, অন্য ৰাজ্যবোৰে সহযোগিতা প্ৰদান নকৰিলেও পশ্চিমবংগ আৰু ওড়িশাই সহযোগিতা আগবঢ়াইছে ৷

সেয়েহে, কেন্দ্ৰীয় কেবিনেট সচিব ৰাজীৱ গৌবা আৰু ৰাজ্যসমূহৰ মুখ্য় সচিবসকলৰ সৈতে প্ৰদীপ সিংঘালে এই বিষয়ত আলোচনা কৰিবৰ বাবে দুঘন্টীয়া এক ভিডিঅ' কনফাৰেন্সৰ আয়োজন কৰিছিল ৷ অত্যাৱশ্যকীয় আৰু অত্যাৱশ্যকীয় নোহোৱা সামগ্ৰীসমূহৰ মাজত বিভেদ কৰি আৱদ্ধ হৈ থকা ট্ৰাকসমূহ বিনা কষ্টৰে আহিবলৈ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল এই বৈঠকত ৷

সিংঘালে লগতে কয়, "যোগানৰ ক্ষেত্ৰত দেখা দিব লগা এই সমস্যা কোভিড-19 তকৈও ভয়াৱহ ৷ এই পৰিস্থিতিৰ পৰিৱৰ্তন নহ'লে আমি এসপ্তাহৰ বাবে খাদ্য সংকটত ভুগিম ৷"

Confederation of All India Traders (CAIT) ৰ সাধাৰণ সম্পাদক প্ৰবীন খণ্ডেলৱালে কয়, "হঠাৎ প্ৰধানমন্ত্ৰী মোডীয়ে লকডাউন ঘোষণা কৰাৰ ফলত সামগ্ৰী কঢ়িয়াই আহি থকা ট্ৰাকবোৰ আধা বাটতে আৱদ্ধ হৈ পৰে ৷ ইয়াৰোপৰি, প্ৰাণৰ সংশয় আৰু খাদ্যৰ অভাৱত বহু ট্ৰাকচালকে নিজৰ বাহন পথতে এৰি ঘৰমুৱা হয় ৷"

খণ্ডেলৱালে জানিবলৈ দিয়া অনুসৰি, "খুচুৰা বিক্ৰেতাসকলৰ কেৱল 4-5 দিনৰ বিক্ৰী কৰিব পৰাকৈহে সামগ্ৰী মজুত আছে ৷"

আৰু পঢ়ক :

দিনটোৰ শীৰ্ষ সংবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.