ETV Bharat / bharat

ভাৰত-নেপাল সম্পৰ্ক অৱনতি, ইয়াৰ পিচত চীনৰ হাত আছে নেকি !

author img

By

Published : Jun 22, 2020, 9:11 PM IST

2015 চনৰ পৰাই ভাৰত আৰু নেপালৰ মাজৰ সম্পৰ্কৰ অৱক্ষয় ঘটিবলৈ আৰম্ভ কৰিছিল ৷ নেপালৰ সৈতে বিশেষ সম্পৰ্ক থকাৰ পিচটো ভাৰত চৰকাৰে ইয়াক সৰল কৰিব নোৱাৰিলে ৷ নেপালৰ প্ৰধানমন্ত্ৰী কেপি অলি শৰ্মাৰ আকোৰগোজ স্থিতিয়ে এই সম্পৰ্ক অধিক বেয়ালৈ লৈ যায় ৷ আভ্যন্তৰীণ ৰাজনীতিৰ বাবে শৰ্মাই এই সম্পৰ্কক এক জটিল ৰূপ প্ৰদান কৰে ৷ নেপালী জাতীয়তাবাদৰ আঁৰ লৈ শৰ্মাই নিজৰ স্থিতি অধিক মজবুত কৰি তোলে ৷ আভ্যন্তৰীণ ৰাজনীতিৰ উপৰিও এই ক্ষেত্ৰত চীনৰ স্থিতিও সন্দেহজনক ৷ চীনে ছায়া লৈ কাম কৰিছে ৷ ভাৰতক কেন্দ্ৰ কৰিয়ে প্ৰতিটো কাম সন্তৰ্পনে কৰিছে চীনে ৷ ভাৰত-নেপাল সম্পৰ্কৰ অৱক্ষয়ৰ মাজত দৰাচলতে কি কাৰণ আছে, চাওঁক এই প্ৰতিবেদন ৷

ভাৰত-নেপাল সম্পৰ্ক অৱনতি, ইয়াৰ পিচত চীনৰ হাত আছে নেকি !
ভাৰত-নেপাল সম্পৰ্ক অৱনতি

ভাৰতৰ নিকটতম প্ৰতিবেশী তথা সহযোগী দেশ নেপালে ভাৰতৰ সৈতে বিবাদিত ভূমিক লৈ আকৌ এবাৰ পুৰনি চুক্তিৰ সহায় ল'ব লাগিব ৷ নেপালে খৰধৰকৈ ইয়াৰ সদনত এখন বিধেয়ক উত্থাপন কৰি লিপুলেখ, কালাপানী আৰু লিম্পিয়াধুৰাক নিজৰ ভিতৰত চামিল কৰি লয় ৷ এই অপ্ৰত্যাশিত ঘটনাই নতুন দিল্লীক জোকাৰি যায়, ভাৰতে ইয়াৰ প্ৰতিক্ৰিয়া কি ৰূপে দিব তাক লৈ চিন্তাত পৰে ৷ খং কৰিব, তিৰস্কাৰ কৰিব নে উদাসীন হৈ থাকিব তাক লৈ ভাৰতৰ হাতত কোনো উত্তৰ নাছিল ৷ ভাৰতৰ বাবে পৰিস্থিতি অধিক জটিল হৈ পৰে এইবাবেই যে, এনেকুৱা সময়ত চীনে নিজৰ সেনাক প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ সমীপত নিয়োগ কৰাই নহয়, অংকন নকৰা সীমাত ভাৰতে কিমান সেনা মোতায়েন কৰি ৰাখিছে তাৰো পৰীক্ষা লোৱা ইতিমধ্যেই আৰম্ভ কৰি দিছে ৷

জুন 15ত সংঘটিত ঘটনাৰ লগতে ভাৰতে চীনৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা আৰু ভাৰতৰ অঞ্চলত চীনৰ দাবীক যিদৰে মানি ল'লে তাৰ প্ৰভাৱ নেপালৰ সৈতে ভাৰতৰ সীমা বিবাদত নেপালে ভাৰতক কি প্ৰত্যাহ্বান প্ৰদান কৰে ৷

দৰাচলতে এই সময়তে কিয় নেপালে বিবাদমান সীমাত নিজৰ দাবী উত্থাপন কৰিলে? এই দাবী উত্থাপন কৰাৰ পিচত নেপালৰ প্ৰধানমন্ত্ৰী কেপি অলি শৰ্মাৰ হাত আছিল, যিয়ে নেকি আভ্যন্তৰীণ সমস্যাৰ পৰা জনতাৰ ধ্যান আঁতৰোৱাৰ চেষ্টা কৰিছে, নে চীনে নেপালক এনেকুৱা কৰিবলৈ প্ৰেৰণা দিছে, যিয়ে এই বিবাদিত ভূমিত আক্ৰমনাত্মক ৰূপে ভাৰতৰ প্ৰভাৱ কৰিবলৈ লাগি আছে? যিটো বিষয়ত নেপালৰ বিবাদিত ভূমি হস্তগত কৰিবলৈ চীনৰ হাত থকা যেন লাগে, তেনে সময়ত বহুটো কাৰণে এইটোও দেখুৱায় যে, প্ৰধানমন্ত্ৰী অলিৰ এই নিৰ্ণয়ৰ আঁৰত অন্য কিছুমান কাৰণৰ বাবেই নতুন দিল্লীৰ সৈতে তেওঁৰ সম্পৰ্ক অসহজ হৈ পৰিছে ৷

ভাৰতীয় স্থলসেনাধ্যক্ষ জেন. মনোজ মুকুন্দ নাৰাৱানে আৰু অলিৰ মগজুত চলি থকা বিষয়লৈ লক্ষ্য কৰি এইটো অনুমান কৰা ভুল হ'ব যে, নেপালৰ আক্ৰমণাত্মক মনোভাৱৰ আঁৰত চীনৰ হাত আছে ৷ অৱশ্যে এই কথাৰ পিচতেই এখন সাৰ্বভৌম মিত্ৰ দেশে নিজাকৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে, তাক লৈ কাঠমাণ্ডুত ব্যাপক প্ৰতিবাদৰ সৃষ্টি হয় ৷

ইয়াৰ পিচতেই নেপালে উক্ত তিনিওটা স্থানক ততাতৈয়াকৈ নিজৰ অন্তৰ্ভুক্ত কৰি লয় ৷ নেপালে এই বিষয়ত ভাৰতৰ সৈতে কোনো বাৰ্তালাপ কৰাটো বাদেই ভাৰতৰ প্ৰতিক্ৰিয়াৰ প্ৰতিও কোনো গুৰুত্ব প্ৰদান নকৰিলে ৷ অলি চৰকাৰে বিধায়কখন গৃহীত হোৱাৰ পিচতে নতুন দিল্লীক আলোচনাৰ বাবে প্ৰস্তাৱ প্ৰদান কৰে ৷ নেপালত থকা ভাৰতৰ এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰদূতে কয় যে, এতিয়া এই বিষয়ত আলোচনা কৰাৰ বাবেই বাকী থাকিল কি, অৱশ্যে আলোচনা কৰিবলৈ বহুত বিষয় আছে, যদিহে ভাৰতে নেপালৰ ভাৰতৰ প্ৰতি কঠোৰ মনোভাৱৰ অন্তৰালত কি আছে তাক লৈ চিন্তা কৰে, আৰু বিবাদিত ভূমি অধিগ্ৰহণক লৈ নেপালে ইমান আগ্ৰহ দেখুৱাইছে ৷

অলি চৰকাৰৰ কাৰ্যপ্ৰণালীক লৈয়ো গভীৰ প্ৰশ্ন উত্থাপন হৈছে ৷ অলি চৰকাৰে মহামাৰীৰ সৈতে মোকাবিলা কৰাক লৈ দেশখনত যুৱ আন্দোলন হৈছে ৷ সংক্ৰমণৰ সংখ্যা নিৰন্তৰ বৃদ্ধি হৈছে ৷ এইক্ষেত্ৰটো অলিয়ে ভাৰতক জগৰীয়া কৰি অধিকসংখ্যক লোক সীমান্ত পাৰ হৈ ভাৰতৰ পৰা আহিছে বুলি কৈছে, কিন্তু সঁচা হৈছে নেপাললৈ ভাৰতৰ পৰা কমসংখ্যক লোকহে গৈছে ৷

অলি নতুন দিল্লীৰ প্ৰতি থকা ক্ষোভৰ কাৰণ হৈছে যেতিয়াই তেওঁৰ বেমাৰ হৈছিল তেতিয়াই তেওঁৰ গাদী ছিন্ন কৰিবলৈ নতুন দিল্লীৰ হাত আছিল ৷ আনকি জনতাৰ বিৰোধতো তেওঁ ভাৰতৰ হাত থকা দেখিবলৈ পাইছিল ৷ কিন্তু চীনৰ ৰাষ্ট্ৰদূতৰ হস্তক্ষেপত তেওঁৰ গাদী ৰক্ষা পৰে কিয়নো নেপালত চীনৰ ৰাষ্ট্ৰদূতৰ প্ৰভাৱ অধিক আছিল ৷

অলিয়ে এক সোনালী সুযোগ পালে যেতিয়াই প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কোনো চিন্তা নকৰাকৈ কৈলাশ মানসৰোবৰৰ এটা পথ উদ্বোধন কৰে যিটো পথ লিপুলেখৰ মাজেৰে পাৰ হৈ গৈছে যাক নেপালে নিজৰ অংগ হিচাপে দাবী কৰে ৷ নেপালৰ বিদেশ মন্ত্ৰী প্ৰদীপ গ্যাৱালীয়ে কয় যে, "ভাৰতে যিটো লিংক ৰোড উদঘাটন কৰিলে সেইটো পথ যি অঞ্চলেৰে পাৰ হৈ যায় সেয়া ঐতিহাসিক কালৰ পৰাই নেপালৰ অংগ ৷ 1816 চনৰ চাগাউলি চুক্তি অনুসৰি, মহাকালী (কালী) নদীৰ পূৱৰ অংশ নেপালৰ আৰু 1996 চনৰ দুয়োখন দেশেই উমৈহতীয়াভাৱে নেপালৰ সিদ্ধান্তক মানি লৈছিল ৷"

যেতিয়াই ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে চীন ভ্ৰমণৰ পৰা আহি লিপুলেখত তীৰ্থযাত্ৰীৰ সহায়ৰ বাবে সেনা চাউনী নিৰ্মাণৰ সিদ্ধান্ত লৈছিল, তেতিয়াই নেপালে ইয়াৰ বিৰোধিতা কৰিছিল ৷ ভাৰতীয় নেতাসকলৰ দ্বাৰা মানসৰোবৰ যাত্ৰাত হিন্দুবহুল দেশত হিন্দুসকলৰ মনোভাৱ অধিক হাৰে প্ৰয়োগ কৰাক লৈয়ো নেপালীসকলৰ মাজত বিক্ষোভ আছিল ৷ মোডীৰ নেতৃত্বাধীন ভাৰত চৰকাৰে হিন্দু সংস্কৃতিৰ নামত ভাৰতৰ প্ৰভাৱ বৃদ্ধি কৰাৰ চেষ্টা কৰিছে ৷ এই প্ৰয়াসৰ ওলোটা প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে ৷ নেপালে হিন্দুবাদ, ৰানা বংশৰ সামন্তবাদৰ ৰূপত চায়, যাৰ বিৰুদ্ধে বিদ্ৰোহীসকলে সশস্ত্ৰ বিদ্ৰোহ কৰিছিল ৷ যেতিয়াই কাঠমাণ্ডুই নেপালক হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰিবলৈ মানা কৰিছিল তেতিয়াই দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ অৱনতি ঘটিছিল ৷

2015 চনৰ পৰাই ভাৰত আৰু নেপালৰ মাজৰ সম্পৰ্কৰ অৱক্ষয় ঘটিবলৈ আৰম্ভ কৰিছিল ৷ নেপালৰ সৈতে বিশেষ সম্পৰ্ক থকাৰ পিচটো ভাৰত চৰকাৰে ইয়াক সৰল কৰিব নোৱাৰিলে ৷ এইটো অঞ্চলত থকা দেশসমূহৰ সৈতে সম্পৰ্কত দেখা দিয়া সমস্যা নতুন দিল্লীয়ে চীনক লৈয়ে আৰম্ভ কৰিলে ৷ চিন্তাৰ আন এটা কাৰণ হৈছে ভাৰতৰ অৱক্ষয়ী অৰ্থনৈতিক স্থিতিয়ে নেপালী যুৱপ্ৰজন্মক ভাৰতত নিয়োগৰ বাবে আকৰ্ষণ কৰিব পৰা নাই ৷

লেখকঃ সঞ্জয় কাপুৰ, জ্যেষ্ঠ সাংবাদিক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.