নিউজ ডেস্ক, 7 এপ্ৰিলঃ ভাৰত চৰকাৰে হাইড্ৰঅক্সিক্ল’ৰ’কুইন নামৰ ড্ৰাগৰ ওপৰত থকা নিষেধাজ্ঞা সাময়িকভাৱে প্ৰত্যাহাৰ কৰিছে ৷ কোভিড-19 মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি তথা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কৰা অনুৰোধৰ পিচতে ভাৰত চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷
চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, মানৱীয়তাৰ খাতিৰত ভাৰত চৰকাৰে এই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ইতিমধ্যে এই বিষয়ে থকা সকলো নিষেধাজ্ঞা সাময়িকভাৱে প্ৰত্যাহাৰ কৰাৰ লগতে ঘৰুৱা চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক ভাৰতলৈ আমদানি কৰা হ’ব বুলি জানিব পৰা গৈছে ৷ ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু ফাৰ্মা উদ্যোগসমূহে এইক্ষেত্ৰত সকলো সিদ্ধান্ত গ্ৰহণ কৰিব ৷
আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক হাইড্ৰঅক্সিক্ল’ৰ’কুইন আৰু পেৰাচিতামল ড্ৰাগৰ আমদানিৰ বাবে অনুৰোধ কৰিছিল ৷ এই হাইড্ৰঅক্সিক্ল’ৰ’কুইন ড্ৰাগক বিশ্বৰ বিভিন্ন স্বাস্থ্য সেৱা প্ৰদানকাৰী সংস্থাসমূহে কোভিড-19ৰ বিৰুদ্ধে প্ৰাথমিক ঔষধ হিচাপে ব্যৱহাৰ কৰি আহিছে ৷
মোডী চৰকাৰে ভাৰতত কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰাৰ পৰাৰ পিচতে এই ড্ৰাগৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল ৷
আমেৰিকাত বৰ্তমানলৈ 3,67,000 লোক কৰ‘ণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ লগতে প্ৰায় 10,800 গৰাকী লোক এই ভাইৰাছৰ দ্বাৰা মৃত্যুমুখত পৰিছে ৷ ভাৰতত বৰ্তমানলৈ প্ৰায় 4,700 লোক কৰ‘ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ লগতে 137 গৰাকী লোক মৃত্যুমুখত পৰিছে ৷ সোমবাৰে ডনাল্ড ট্ৰাম্পৰ চৰকাৰে ভাৰতলৈ 2.9 মিলিয়ন আমেৰিকান ডলাৰ কৰ‘ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ সাহাৰ্য হিচাপে প্ৰদান কৰে ভাৰতক ৷