নেশ্যনেল ডেস্ক,১৭ জুন: ভাৰতে কৃত্ৰিম বুদ্ধিমত্তাৰ বৈশ্বিক অংশীদাৰিত্ব (GPAI)ত এক দায়িত্বশীল সদস্যৰূপে দায়িত্ব,মানৱ কেন্দ্ৰীয় বিকাশ আৰু ব্যৱহাৰ (AI)ক সমৰ্থন কৰাৰ হেতু এজন প্ৰতিষ্ঠাপক সদস্য হিচাপে যোগদান কৰে । সোমবাৰে চৰকাৰী বিজ্ঞপ্তিত উল্লেখ কৰা হয় এই কথা ।
ইয়াৰ লগতে,ভাৰতে সোমবাৰে জি পি এ আইৰ বাবে আমেৰিকা,ইংলেণ্ড,ইউৰোপীয় সংঘ,অষ্ট্ৰেলিয়া,কানাডা,ফ্ৰান্স,জাৰ্মানী,ইটালী,জাপান,মেক্সিকো, নিউজিলেণ্ড,কোৰিয়া ৰিপাব্লিক আৰু ছিংগাপুৰসহ মুখ্য দেশসমূহৰ সৈতে অৰ্থব্যৱস্থাৰ লীগত অংশগ্ৰহণ কৰে ।
অংশগ্ৰহণকাৰী দেশসমূহৰ অভিজ্ঞতা আৰু বৈচিত্ৰ ব্যৱহাৰ কৰি এ আইৰ আশে পাশে থকা আহ্বান আৰু সুযোগ সম্পৰ্কে এ আইত উন্নত অনুসন্ধান আৰু কাৰ্যকলাপক সমৰ্থন কৰি তত্ব আৰু অনুশীলনৰ মাজৰ ব্যৱধানক চালি জাৰি চোৱা হ'ব । জি পি এআইক এক সচিবালয়ে সমৰ্থন কৰিব,য'ত পেৰিছত সংগঠনৰ বাবে আৰ্থিক সহযোগ আৰু বিকাশ সংগঠন (OECD)য়ে মুখ্য ভুমিকা গ্ৰহণ কৰিব ।
উল্লেখ্য যে,কিছুদিন পূৰ্বে ভাৰতে ৰাষ্ট্ৰীয় এ আই ৰণনীতি আৰু ৰাষ্ট্ৰীয় এ আই প'ৰ্টেল মুকলি কৰে । লগতে শিক্ষা,কৃষি,স্বাস্থ্য সেৱা,ই-কমাৰ্চ,টেলিযোগাযোগ, বিত্তীয় আদি বিভিন্ন ক্ষেত্ৰত এ আই উন্নত কৰাৰ ওপৰত গুৰুত্ব দিছে ।
লগতে পঢ়ক: লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত বন বিভাগৰ উচ্ছেদ অভিযান