নিউজ ডেস্ক, ১৯ এপ্ৰিলঃ পাকিস্তানৰ কৰ্তাৰপুৰত অৱস্থিত চাহিব গুৰুদ্বাৰৰ পবিত্ৰ মন্দিৰৰ গম্বুজ ভাঙি দিয়া বিষয় সন্দৰ্ভত পাকিস্তান চৰকাৰৰ ওচৰত প্ৰশ্ন উত্থাপন কৰিছে বুলি দেওবাৰে সদৰী কৰে চৰকাৰৰ এক বিশেষ সূত্ৰই ।
আনহাতে, মন্দিৰটোৰ গম্বুজৰ কাঠসমূহ পুৰণি হোৱাৰ বাবেই মন্দিৰটো ভাঙি পেলোৱা হয় বুলি সদৰী কৰে পাকিস্তান চৰকাৰে ।
সূত্ৰৰ খবৰ অনুসৰি, শিখ সম্প্ৰদায়ৰ অনুভূতিৰ প্ৰতি শ্ৰদ্ধা ৰাখি মন্দিৰটো পুনৰ নিৰ্মাণ কৰিবলৈ পাকিস্তান চৰকাৰক অনুৰোধ জনায় ভাৰত চৰকাৰে ।
উল্লেখ্য যে, বিগত বৰ্ষৰ নৱেম্বৰ মাহত ভাৰতে গুৰুদ্বাসপুৰৰ ডেৰা বাবা চাহিব আৰু পাকিস্তানে গুৰুদ্বাৰ কৰ্তাৰপুৰ চাহিবৰ লগত সংযোগ থকা এটি পথ মুকলি কৰি দিছিল ।
কৰ্তাৰপুৰ চাহিব গুৰুদ্বাৰৰ পৰা ডেৰা বাবা নানাক তীৰ্থলৈ প্ৰায় চাৰি কিল'মিটাৰ দূৰত্ব ৷ লোক বিশ্বাস অনুসৰি, কৰ্তাৰপুৰ চাহিব গুৰুদ্বাৰত শিখ ধৰ্মৰ সংস্থাপক গুৰু নানকে অন্তিমবাৰৰ বাবে জিৰণী লৈছিল ৷