ETV Bharat / bharat

লাডাখ আৰু জম্মু-কাশ্মীৰত চীনৰ আক্ৰমণৰ প্ৰভাৱ

জম্মু-কাশ্মীৰ আৰু লাডাখত চীনৰ আক্ৰমণ সন্দৰ্ভত ইটিভি ভাৰতৰ এক প্ৰতিবেদন...

Impact of Chinese incursion in Ladakh and Jammu and Kashmir
লাডাখ আৰু জম্মু-কাশ্মীৰত চীনৰ আক্ৰমণৰ প্ৰভাৱ
author img

By

Published : Aug 5, 2020, 9:54 AM IST

নিউজ ডেস্ক, 5 আগষ্ট: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ 9 মাহৰ পাচত ভাৰতীয় সংবিধানৰ 370 আৰু 35A নং অনুচ্ছেদত বিশেষ মৰ্যদা সংযোজন কৰে ৷ পৰৱৰ্তী সময়ছোৱাত নৱগঠিত কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ গালৱান ঘাটিত চীনা সৈন্য প্ৰৱেশৰ ঘটনা পোহৰলৈ আহে ৷

এই ঘটনাই 1999 চনৰ কাৰ্গিল যুদ্ধৰ কথা উনুকিয়াই দিয়াৰ লগতে জম্মু-কাশ্মীৰৰ স্থানীয় বাসিন্দাসকলৰ ওপৰতো প্ৰভাৱ পেলাইছে৷ স্থানীয় লোকসকলে কিছুসময় পূৰ্বে সম্পূৰ্ণ শ্বাটডাউন আৰু সংযোগ বিচ্ছিন্নৰ পৰা মুক্ত হৈছে যদিও তেওঁলোকে এক প্ৰতিকূল পৰিস্থিতি মুখামখি হোৱাৰ লেখীয়া হৈ আছিল ৷

জম্মু-কাশ্মীৰৰ লগতে দুই কেন্দ্ৰীয় শাসিত অঞ্চলত কেনেদৰে কৰ’ণা মহামাৰীৰ সংক্ৰমণ হয় আৰু চীনা সৈন্যৰ প্ৰৱেশ সম্পৰ্কে এক প্ৰতিবেদন...

জম্মু-কাশ্মীৰত প্ৰভাৱ: উত্তৰ কাশ্মীৰৰ হাণ্ডুৰা আৰু চোপোৰ এলেকাত বিগত দুমাহত 6 গৰাকী কেন্দ্ৰীয় ৰিজাৰ্ভ সুৰক্ষা বাহিনী (CRPF)ক হত্যা কৰা হৈছিল ৷ সেনা কৰ্তৃপক্ষই সদৰি কৰা মতে, এই এলেকাত পুনৰ বিদ্ৰোহ বৃদ্ধি পাব ৷

‘‘বাস্তৱিক নিয়ন্ত্ৰণ ৰেখা (LAC)ৰ এলেকাত বিদ্ৰোহৰ এক নতুন সূচনা হোৱাৰ সম্ভাৱনা আছে ৷ শ্ৰীনগৰত কৰ্মৰত এক জ্যেষ্ঠ ভাৰতীয় সেনা বিষয়াই ইটিভি ভাৰতক জনোৱা মতে, নিয়ন্ত্ৰণ ৰেখাত সন্ত্ৰাসবাদীসকলক নিয়োগ কৰি পাকিস্তানে সুবিধা লোৱাৰ চেষ্টা কৰিছে ৷ ৰাষ্ট্ৰীয় সুৰক্ষা উপস্থাপক (NSA) অজিত ডোভালে জম্মু-কাশ্মীৰৰ সুৰক্ষা স্থিতি সন্দৰ্ভত বৈঠক যোগে এই কথা সদৰি কৰা বুলি জ্যেষ্ঠ সেনা বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে ৷

9 মে’ত বৈঠক সম্পন্ন হোৱাৰ পাচত ডোভালে নিৰাপত্তা বাহিনীক শক্তিশালী ৰূপত প্ৰশিক্ষণ দিয়ে ৷ আনহাতে নিৰাপত্তা বিশেষজ্ঞই ইটিভি ভাৰতক জনোৱা মতে, তেওঁলোকে সুৰক্ষা এজেন্সীৰ ঘাটিত সন্ত্ৰাসবাদীসকলৰ সৈতে মোকাবিলা কৰি আছে ৷

প্ৰতিৰক্ষা বিশেষজ্ঞ জয় কুমাৰ বাৰ্মাই কয় যে, ‘‘আটাইতকৈ বেয়া পৰিস্থিতিৰ বাবে আমাৰ নিৰাপত্তা বাহিনী সাজু থকা উচিত ৷ সন্ত্ৰাসবাদীসকলে যুদ্ধ বিৰতি উলংঘন বা আক্ৰমণ সম্পৰ্কে কোনো আগজাননী নিদিয়ে ৷ কিন্তু ভয় খোৱাৰ দৰকাৰ নাই ৷ আপোনালোকেও বিশ্ৰাম কৰিব পাৰে’’ ৷

শ্ৰীনগৰৰ বাস্তৱিক নিয়ন্ত্ৰণ ৰেখাত বিকাশ আৰু ঘাটিৰ ক্ষেত্ৰত সন্ত্ৰাসবাদীৰ সংখ্যা বৃদ্ধিৰ পোনপটীয়া যোগসূত্ৰ আছে ৷ জম্মু-কাশ্মীৰৰ নিবাসীসকলৰ ক্ষোভ, কাশ্মীৰক লৈ পাকিস্তান চৰকাৰৰ মতামত আৰু লাডাখ সংঘৰ্ষ এই সকলোবোৰ জম্মু-কাশ্মীৰৰ বিশেষ ক্ষমতাৰ সৈতে জড়িত হৈ আছে ৷

কাশ্মীৰ চৰকাৰৰ এক জ্যেষ্ঠ ৰাজনৈতিক নেতাই তেওঁৰ নাম উল্লেখ নকৰা হেতুকে ইটিভি ভাৰতক জনায় যে, ‘‘ভাৰত চৰকাৰে 5 আগষ্টলৈ চীনৰ আক্ৰমণাত্মক কূটনৈতিক স্থিতি সঠিকভাৱে বিচাৰ কৰিব নোৱাৰিব ৷ চীন বৰ্তমান কাশ্মীৰ সমস্যাৰ তৃতীয়টো বিষয় হিচাপ্ পৰিগণিত হৈছে ৷ মোৰ অনুভৱ, লাডাখ এতিয়া চীনৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ আছে আৰু কাশ্মীৰক পৰিচালনা কৰাৰ হেতু পাকিস্তানক দায়িত্ব প্ৰদান কৰে ৷ পাকিস্তান আৰু চীনে ৰাজনৈতিকভাৱে চুক্তিত স্বাক্ষৰিত হৈছে আৰু তেওঁলোকে ইতিমধ্যে সামৰিকভাৱে সঞ্চালনৰ কামো আৰম্ভ কৰিছে’’ ৷

আনহাতে, দুয়েখন দেশে জম্মু-কাশ্মীৰ আৰু লাডাখত হোৱা সমস্যাৰ স্থিতিৰ সুবিধা ল’বলৈ চেষ্টা কৰিছে বুলি প্ৰতিৰক্ষা বিশেষজ্ঞ গৰাকীয়ে মন্তব্য দিয়ে ৷

21 মে’ত ৰাজনৈতিক পুনঃগঠনত পলম : বিজেপিৰ ৰাষ্ট্ৰীয় মহাসচিব ৰাম মাধৱে এক বাতৰি কাকত প্ৰৱন্ধযোগে ‘‘জম্মু-কাশ্মীৰক সম্পূৰ্ণ ৰাজনৈতিক গতিবিধি প্ৰদান কৰাৰ সময় হৈছে’’ শীৰ্ষক বিষয়ত কয় যে, জম্মু-কাশ্মীৰত 2019 বৰ্ষৰ 5 আগষ্টত যি পৰিৱৰ্তন হৈছিল, সেই পৰিৱৰ্তন এক যুক্তিলৈ পৰিগণিত হৈছিল আৰু এইটো এটা সংকেত আছিল যে, কেন্দ্ৰীয় চৰকাৰে নৱ গঠিত কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজনীতি পুনঃগঠনৰ বাবে সাজু হৈছিল ৷

ইয়াৰ পাচতে এক প্ৰতিবেদনত উল্লেখিত অনুসৰি, জম্মু-কাশ্মীৰত এখন উপদেশমূলক পৰিষদ নিযুক্তি দিয়া হ’ব, যাৰ অধ্যক্ষ পদ বিজেপি দলৰ নেতা আল্টাফ বুখাৰীক প্ৰদান কৰা হ’ব ৷ দিল্লীৰ এক এজেণ্টক আগবঢ়োৱাৰ বাবে জম্মু-কাশ্মীৰক এক বাহন হিচাপে ব্যৱহাৰ কৰা হৈছে ৷ সংবাদ মাধ্যমে জনোৱা মতে, প্ৰধানমন্ত্ৰীয়ে 14 মাৰ্চত দিল্লীত আল্টাফ বুখাৰী আৰু তেওঁৰ 24 জনীয়া প্ৰতিনিধি দলৰ সৈতে পৰিষদ গঠন সম্পৰ্কে বৈঠকত মিলিত হয় ৷ জুন মাহৰ প্ৰথম সপ্তাহত এই পৰিষদ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল, যদিও ক’ভিড মহামাৰীৰ বাবে এই কাৰ্য স্থগিত ৰখা হৈছে ৷

জ্যেষ্ঠ সাংবাদিক ভাৰত ভূষণে ইটিভি ভাৰতক জনোৱা মতে, যদি মহামাৰীয়ে 18 মে’ত জম্মু-কাশ্মীৰৰ বাবে নতুন নিয়মৰ অধিসূচনা কৰাৰ হেতু কেন্দ্ৰক বাধা দিব নোৱাৰে, তেন্তে এক পৰিষদ গঠনৰ বাবে প্ৰশাসনিক উপদেশ প্ৰদান কৰাত কিয় বাধা প্ৰদান কৰিব?’’ লগতে লাডাখত চীনা আক্ৰমণে এক গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছে বুলি তেওঁ মন্তব্য প্ৰকাশ কৰে ৷

6 আগষ্টত সংসদত গৃহমন্ত্ৰী অমিত শ্বাহে দিয়া ভাষণ সম্পৰ্কে তেওঁ কয় যে, ‘‘যেতিয়াই গৃহমন্ত্ৰীয়ে জম্মু-কাশ্মীৰৰ কথা উল্লেখ কৰে, তেতিয়াই তেওঁ পাকিস্তান প্ৰশাসিত কাশ্মীৰ অৰ্থাৎ আজাদ কাশ্মীৰৰ কথা উল্লেখ কৰে ৷ এই বিষয়ত তেওঁ গিলগিত আৰু অক্সাই চিনকো অন্তৰ্ভুক্ত কৰে ৷ 2019 চনৰ 2 নৱেম্বৰত Survey of Indiaই কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখ আৰু জম্মু-কাশ্মীৰৰ নতুন চাৰিসীমা প্ৰকাশ কৰে’’ ৷

দাবীসদৃশ যুদ্ধ: জম্মু আৰু কাশ্মীৰ পুনঃগঠন আইন 2019 অনুসৰি, লাডাখ এক সুকীয়া কেন্দ্ৰীয় শাসিত ৰাজ্য হ’ব, য’ত কোনো বিধায়ক নাথাকিব ৷ 370 অনুচ্ছেদ প্ৰত্যাহাৰ হোৱাৰ পাচত চৰকাৰ আৰু স্থানীয় নেতা দাবী জনায় যে, এই ভূমি সম্পূৰ্ণৰূপে শান্তিপূৰ্ণ আৰু লাডাখৰ সৈতে তিনিওটা ক্ষেত্ৰৰ লোকসকলে এই সিদ্ধান্ত মানি লৈছে ৷

আনহাতে, লাডাখ বুদ্ধিষ্ট এচ’ছিয়েশ্যন (LBA)ৰ বাবে এই নিৰ্ণয় তেওঁলোকৰ সপোন দিঠক হোৱাৰ লেখীয়া হৈছে ৷ লাডাখ বুদ্ধিষ্ট এচ’ছিয়েশ্যনৰ সভাপতি PT Kunzangয়ে ইটিভি ভাৰতক এই কথা জানিবলৈ দিয়ে ৷

Ladakh Autonomous Hill Development Corporation (LAHDC)ৰ মুখ্য কাৰ্যবাহী কাউন্সিলৰ Gyal P Wangyalয়ে কয় যে, ‘‘কেন্দ্ৰীয় শাসনৰ এই সিদ্ধান্ত লাডাখবাসীৰ বাবে এক উপহাৰস্বৰূপ ৷ কেন্দ্ৰীয় চৰকাৰৰ ফাণ্ডিঙৰ ডাঙৰ অংশ হিচাপে কাশ্মীৰক অন্তৰ্ভুক্ত কৰা হৈছে ৷ 2014 চনত মোদী চৰকাৰে জম্মু-কাশ্মীৰক 80,000 কোটি টকাৰ এক বিকাশ পেকেজ প্ৰদান কৰে, কিন্তু লাডাখে একো পোৱা নাছিল ৷ যদিও ৰাজ্যখনত জম্মু, কাশ্মীৰ আৰু লাডাখ তিনিটা ক্ষেত্ৰ আছিল, কিন্তু তথাপিও কেৱল কাশ্মীৰেহে সদায় গুৰুত্ব লাভ কৰিছিল’’ ৷

‘‘আমাৰ ৰাজনৈতিক নেতাসকল সুবিধাবাদী ৷ তেওঁলোকে কেতিয়াও অঞ্চলৰ মানুহৰ কথা চিন্তা নকৰে ৷ আমি সুখী নহয় ৷ কোনো কথাতে তেওঁলোকৰ স্পষ্টতা নাই’’ ৷ চৰৱাৰ হুছেইন নামৰ স্থানীয় বাসিন্দা এগৰাকীয়ে ইটিভি ভাৰতক সদৰি কৰে এই কথা ৷

অন্য় এগৰাকী স্থানীয় বাসিন্দা আংগমো দেক্সিতে কয় যে, ‘‘মই অসামৰিক সেৱাৰ প্ৰস্তুতি চলাই আছিলো আৰু কেন্দ্ৰ-ৰাজ্য দুয়োটা স্তৰৰ পৰীক্ষা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলো ৷ এতিয়া মই নাজানো কি হৈ আছে ৷ প্ৰতিবেদনত পাইছো যে, ৰাজ্যৰ সংৰক্ষিত আসনৰ সংখ্যা কমাই দিয়া হৈছে ৷ কিন্তু এনেকুৱা একো হোৱা নাই ৷ যদি এনেকুৱা হয় আপুনি কেনেকৈ ভাবিব যে এইটো আমাৰ লাভাৰ্থে হৈছে ৷ আমাৰ ৰাজনৈতিক নেতাসকল নিজৰ ব্যক্তিগত লক্ষ্যসমূহ পূৰণত ব্যস্ত আছে ৷ এই সময়ছোৱাত সোধ-পোচ কৰাৰ বিপৰীতে তেওঁলোকে মনে মনে বহি আছে ৷ এগৰাকী স্থানীয় লাডাখীয়ে উন্নয়ন বিচাৰে ৷ আমাৰ সাক্ষৰতাৰ হাৰ বহত কম ৷ কাশ্মীৰ কেতিয়াও সমস্যা নাছিল, কিন্তু কেলেংকাৰী আৰু পক্ষপাতিত্ব এক ডাঙৰ সমস্যা ’’৷

ঘৰুৱা সমস্যা: চলিত বৰ্ষৰ এপ্ৰিল মাহত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা আৱাসিক আইনৰ পাচত লাডাখ প্ৰশাসনৰ মৌনতাই স্থানীয় লোকসকলৰ মাজত এক তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ৷

এই সন্দৰ্ভত লাডাখ প্ৰশাসনৰ মন্তব্য জানিব বিচৰাত তেওঁলোকে কয় যে, ‘‘এতিয়া আৱাসিক সমস্যাৰ বিষয়ে কথা পতাৰ সময় নহয় ৷ লাডাখ নতুনকৈ কেন্দ্ৰীয় শাসিত অঞ্চলত অন্তৰ্ভুক্ত হৈছে ৷ আমি শূণ্যৰ পৰা আৰম্ভ কৰিছিলো আৰু সকলো বস্তুৱে সময় লয় ৷ প্ৰথমতে আমি জম্মু-কাশ্মীৰ আৰক্ষীৰ পৰা সুকীয়াকৈ লাডাখ আৰক্ষী গঠন কৰিলো ৷ এতিয়া আমি ‘JK’ৰ পৰা ‘LA’ ব্যৱহাৰ কৰো ৷ এতিয়া লাডাখত কেন্দ্ৰৰ শাসন আৰম্ভ হৈছে’’ ৷

আনহাতে হুছেইনে কয় যে, চৰকাৰে প্ৰযোজ্য কৰা লেহৰ https://leh.nic.in/e-gov/online-services/ লিংকত আৱাসিক সম্পৰ্কে কোনো কথা উল্লেখ কৰা নাই ৷

লাডাখ সংঘৰ্ষ: ভাৰত-চীনৰ মাজত হোৱা সংঘৰ্ষৰ পাচত সমাধানৰ অৰ্থে দুয়োপক্ষৰ মাজত কামাণ্ডো স্তৰীয় বৈঠকৰ প্ৰয়োজন আছিল ৷ লাডাখৰ বাস্তৱিক নিয়ন্ত্ৰণ ৰেখাৰ নিবাসীসকলক এই স্বস্তিৰ নিশ্বাসৰ প্ৰয়োজন ৷

Ladakh Autonomous Hill Development Councilৰ চুচুলৰ কাউন্সিলৰ Konchok Stanzinয়ে ইটিভি ভাৰতক জনায় যে, ‘‘বাস্তৱিকতে দুটা ভাল খবৰ যে, দুয়োপক্ষৰ সেনাই কিছু সমাধানৰ দিশে আগবাঢ়িছে আৰু সেনা বিস্তাৰৰ কাম অব্যাহত আছে ৷ অন্যথা প্ৰতিদিনে গাঁওসমূহত 150-300 খন সেনাৰ বাহন সোমোৱাতো বৰ ভয়ংকৰ’’ ৷

লগতে পঢ়ক: দিনটোৰ গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ইভেন্টসমূহ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.