ETV Bharat / bharat

ম'বাইল ব্যৱহাৰ কৰিবলৈ মানা কৰাৰ বাবেই আত্মহত্যা যুৱতীৰ

ম'বাইল ফোন ব্যৱহাৰ নকৰিবলৈ কোৱাৰ বাবেই চিপ লৈ আত্মহত্যা কৰে এগৰাকী যুৱতীৰ ৷ অন্ধ্ৰ প্ৰদেশৰ পূব গোদাৱৰী জিলাত সংঘটিত হোৱা এক আত্মহত্যাৰ ঘটনাৰ পিচতেই পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য ৷

author img

By

Published : Jun 25, 2019, 6:15 PM IST

যুৱতীৰ আত্মহত্যা

নিউজ ডেস্ক,25 জুনঃ ম'বাইল ফোনৰ ব্যৱহাৰক লৈ প্ৰশ্ন উত্থাপন হোৱাৰ পিচতেই হায়দৰাবাদত সংঘটিত হয় এক আত্মহত্যাৰ ঘটনা ৷ হায়দৰাবাদৰ পাঞ্জাগুট্টাত এখন হোষ্টেলত থাকি পঢ়া-শুনা কৰি থকা এগৰাকী যুৱতীয়ে সোমবাৰে চিপ লৈ আত্মহত্যা কৰে ৷ আত্মহত্যাৰ প্ৰাথমিক অনুসন্ধানত পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য ৷

EtvBharatAssam
যুৱতীৰ আত্মহত্যা

অন্ধ্ৰ প্ৰদেশৰ পূব-গোদৱৰী জিলাৰ বাসিন্দা উনৈশ বছৰীয়া যুৱতীগৰাকী শ্ৰৱনী বুলি জানিব পৰা গৈছে ৷ অত্যধিক হাৰত ম'বাইল ফোন ব্যৱহাৰৰ বাবে যুৱতীগৰাকীক মাক-দেউতাকে গালি পৰাৰ লগতে কাঢ়ি লৈছিল ম'বাইল ফোন ৷ এই কথাতেই যুৱতীগৰাকীয়ে নিজ হোষ্টেলত কোনো নথকা অৱস্থাত চিপ লৈ আত্মহত্যা কৰে ৷ ঘটনাৰ পিচতেই যুৱতীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ওছমানিয়া জেনেৰেল হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 174ৰ অধীনত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.