ETV Bharat / bharat

মহাৰাষ্ট্ৰত জটিল ৰাজনৈতিক সমীকৰণ, ৰাজ্যসভাত প্ৰতিবেদন দাখিল কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে - Maharastra latest news

বুধবাৰে মহাৰাষ্ট্ৰত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনক লৈ ৰাজ্যসভাত প্ৰতিবেদন দাখিল কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ 22 নৱেম্বৰত দলীয় বিধায়ক আৰু জ্যেষ্ঠ নেতা সকলৰ সৈতে বৈঠকত মিলিত হ'ব শিৱসেনাৰ প্ৰমুখ উদ্ধৱ ঠাকৰে ৷

প্ৰতিবেদন দাখিল কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে
author img

By

Published : Nov 20, 2019, 11:50 AM IST

নিউজ ডেস্ক, 20 নৱেম্বৰঃ বুধবাৰে মহাৰাষ্ট্ৰত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনক লৈ ৰাজ্যসভাত প্ৰতিবেদন দাখিল কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ 18 দিনৰ পাচতো ৰাজ্যখনত কোনো এটা ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিব নোৱাৰাত 12 নৱেম্বৰত ৰাজ্যপাল ভগত সিং কোশ্যাৰিয়ে বলবৎ কৰিছিল ৰাষ্ট্ৰপতি শাসনৰ ৷

উল্লেখ্য যে, বিগত 24 অক্টোবৰত ঘোষণা কৰা মহাৰাষ্ট বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পাচতেই চৰকাৰক গঠনক লৈ সৃষ্টি হৈছিল তীব্ৰ জটিলতাৰ ৷ প্ৰথমে বিজেপি-শিৱসেনাই চৰকাৰ গঠন কৰাৰ কথা আছিল যদিও পৰৱৰ্তী সময়ছোৱাত দুয়োটা দলৰ মাজতেই মুখ্যমন্ত্ৰীৰ পদক লৈ সৃষ্টি হয় মতানৈক্যৰ ৷ শিৱসেনাই মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত 50-50 প্ৰস্তুাৱ আগবঢায় ৷ কিন্তু শিৱসেনাৰ এই প্ৰস্তুাৱত অমান্তি হয় বিজেপি ৷ ইয়াৰ পাচতেই শিৱসেনাই এন চি পি-কংগ্ৰেছক লৈ চৰকাৰ গঠনৰ কুচকাৱাজ কৰে ৷ ইমানৰ পাচতো ৰাজ্যখনত এই পৰ্যন্ত চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত সফল হোৱা নাই কোনো এটা ৰাজনৈতিক দল ৷

আনহাতে, চৰকাৰ গঠনক লৈ বুধবাৰে কংগ্ৰেছ আৰু এন চি পি নেতৃত্ব বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে ৷ ইয়াৰ পূৰ্বে মঙলবাৰে কংগ্ৰেছ নেতা মল্লিকা অৰ্জুন খৰ্গে, কে সি ভেনুগোপাল, আৰু এ কে এন্টনীয়ে কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীক সাক্ষাৎ কৰি মহাৰাষ্ট্ৰৰ সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত অৱগত কৰে ৷

লগতে পঢ়কঃ সদনত নুমলীগড় শোধনাগাৰৰ প্ৰসংগ : ব্যক্তিগতকৰণ সমৰ্থন নকৰে দিলীপ শইকীয়াই

এন চি পিৰ মুখপাত্ৰ নৱাব মালিকে কয় যে, মঙলবাৰে ইন্দিৰা গান্ধীৰ 102 সংখ্যক জন্মজয়ন্তী উপলক্ষে ছোনীয়া গান্ধী ব্যস্ত থকাৰ বাবে বৈঠকত মিলিত হোৱাৰ বাবে অগ্ৰাজ্য কৰে ৷ দুয়োটা দলৰে শীৰ্ষ নেতৃত্বই শিৱসেনাৰ সৈতে আলোচনাৰ মাধ্যমৰে চৰকাৰ গঠনৰ কাম-কাজ সম্পূৰ্ণ কৰিব ৷

ইপিনে, আগন্তুক 22 নৱেম্বৰত দলীয় বিধায়ক আৰু জ্যেষ্ঠ নেতা সকলৰ সৈতে বৈঠকত মিলিত হ'ব শিৱসেনাৰ প্ৰমুখ উদ্ধৱ ঠাকৰে ৷

নিউজ ডেস্ক, 20 নৱেম্বৰঃ বিগত 24 অক্টোবৰত ঘোষণা কৰা মহাৰাষ্ট বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পাচতেই চৰকাৰক গঠনক লৈ সৃষ্টি হৈছিল তীব্ৰ জটিলতাৰ ৷ প্ৰথমে বিজেপি-শিৱসেনাই চৰকাৰ গঠন কৰাৰ কথা আছিল যদিও পৰৱৰ্তী সময়ছোৱাত দুয়োটা দলৰ মাজতেই মুখ্যমন্ত্ৰীৰ পদক লৈ সৃষ্টি হয় মতানৈক্যৰ ৷ শিৱসেনাই মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত 50-50 প্ৰস্তুাৱ আগবঢায় ৷ কিন্তু শিৱসেনাৰ এই প্ৰস্তুাৱত অমান্তি হয় বিজেপি ৷ ইয়াৰ পাচতেই শিৱসেনাই এন চি পি-কংগ্ৰেছক লৈ চৰকাৰ গঠনৰ কুচকাৱাজ কৰে ৷ ইমানৰ পাচতো ৰাজ্যখনত এই পৰ্যন্ত চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত সফল হোৱা নাই কোনো এটা ৰাজনৈতিক দল ৷

আনহাতে, চৰকাৰ গঠনক লৈ বুধবাৰে কংগ্ৰেছ আৰু এন চি পি নেতৃত্ব বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে ৷ ইয়াৰ পূৰ্বে কংগ্ৰেছ নেতা মল্লিকা অৰ্জুন খৰ্গে, কে সি ভেনুগোপাল, আৰু এ কে এন্টনীয়ে কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীক সাক্ষাৎ কৰি মহাৰাষ্ট্ৰৰ সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত অৱগত কৰে ৷

এন চি পিৰ মুখপাত্ৰ নৱাব মালিকে কয় যে, মঙলবাৰে ইন্দিৰা গান্ধীৰ 102 সংখ্যক জন্মজয়ন্তী উপলক্ষে ছোনীয়া গান্ধী ব্যস্ত থকা বাবে বৈঠকত মিলিত হোৱাৰ বাবে অগ্ৰাজ্য কৰে ৷ দুয়োটা দলৰে শীৰ্ষ নেতৃত্বই শিৱসেনাৰ সৈতে আলোচনাৰ মাধ্যমৰে গঠন চৰকাৰ গঠনৰ কাম-কাজ সম্পূৰ্ণ কৰিব ৷

ইপিনে, আগন্তুক 22 নৱেম্বৰত দলীয় বিধায়ক আৰু জ্যেষ্ঠ নেতা সকলৰ সৈতে বৈঠকত মিলিত হ'ব শিৱসেনাৰ প্ৰমুখ উদ্ধৱ ঠাকৰে ৷ 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.