যোৱা সপ্তাহৰ শুকুৰবাৰত প্ৰকাশ কৰা তথ্যমতে বিগত অংশত জিডিপি ৪.৭ শতাংশ বৃদ্ধি পাইছে । অক্টোবৰ-ডিচেম্বৰত অৰ্থনীতি ঊৰ্ধগামী হ’ব বুলি কৰা আশাক ই মষিমূৰ কৰে যদিও ভৱিষ্যদ্বাণী কৰাৰ দৰে সঠিকভাৱে সংখ্যাত উপনীত হয় । পূৰ্বৰ ৫ শতাংশ আৰু ৪.৫ শতাংশৰ বিপৰীতে এপ্ৰিল-জুন আৰু জুলাই-ছেপ্টেম্বৰৰ সময়ছোৱাত জিডিপি ক্ৰমে ৫.৬ আৰু ৫.১ শতাংশ বৃদ্ধি পায় । ২০১৯-২০ বৰ্ষৰ জিডিপিৰ বিকাশৰ হাৰ এতিয়াও ৫ শতাংশ বুলি কোৱা হৈছে যিয়ে বুজায় যে জানুৱাৰী-মাৰ্চভাগত বিকাশৰ হাৰ হ’ব ৪.৭ শতাংশ । বিকাশৰ এই সম্ভাৱনা পাছলৈ পুনৰ বিশ্লেষণ কৰা হ’ব ।
বিগত ভাগৰ অৰ্থনৈতিক প্ৰদৰ্শন জুলাই-ছেপ্টেম্বৰতকৈ শোচনীয় । জুলাই-ছেপ্টেম্বৰৰ অংশটো আছিল অতিশয় শোচনীয় সময় যেতিয়া গ্ৰাহকৰ বিশ্বাস আৰু ব্যৱসায়িক অনুভূতি দোদুল্যমান হৈ আছিল, গাড়ী বিক্ৰী হ্ৰাসৰ লগতে কৰ্প’ৰেটৰ প্ৰদৰ্শন আছিল হতাশজনক । সংশোধিত তথ্যই দেখুওৱা মতে ২০১৯-২০ চনত ব্যক্তিগত উপভোগ বা খৰচৰ হাৰৰ গতি স্থিৰ । যোৱা ভাগত ৫.৯ শতাংশৰ পৰা পৰৱৰ্তী দুটা ভাগত সংশোধিত ৫.৬ আৰু ৫ শতাংশ হয় ।
বিকাশৰ বিভিন্ন দিশসমূহে হতাশ কৰি আহিছে । ইয়াত বিশেষভাৱে উল্লেখযোগ্য দিশটো হ’ল যদি চৰকাৰী ব্যয় ১২ শতাংশলৈ বৃদ্ধি পায় জিডিপিৰ বিকাশৰ হাৰ ৩.৫ শতাংশ মন্থৰ হৈ পৰিব । ইয়ে ৰাজহুৱা ব্যয় আৰু বিকাশৰ সম্পৰ্কক স্পষ্ট কৰে । এই বহনক্ষমতাহীনতাৰ মূলতে চৰকাৰৰ দুৰ্বল আৰ্থিক স্থিতি । লগতে স্বতন্ত্ৰ বিকাশৰ উপাদানসমূহ একত্ৰিত হোৱাত বিফল হোৱাটো । চাহিদাৰ ক্ষেত্ৰত এই দিশটো সুস্পষ্ট । আমদানি আৰু বিনিয়োগ দুয়োটাই উদ্বেগজনকভাৱে হ্ৰাস পাইছে । ইয়ে দুটা ভাগৰ বাবে উৎপাদনত অৱনমনৰ প্ৰৱণতাৰ আভাস দিয়ে । আনকি কৃষি আৰু ৰাজহুাৱ প্ৰশাসনৰ বাদে সকলো ধৰণৰ যোগানৰ ক্ষেত্ৰত অৱনমন বা হ্ৰাসৰ ধাৰাটো দেখা পোৱা যায় । সাধাৰণতে উন্নত নোহোৱা নিৰ্মাণ খণ্ডৰ সংকটৰ বিষয়ে আমি স্বীকাৰ কৰিব লাগিব । এই ক্ষেত্ৰত বিকাশৰ হাৰ এই বৰ্ষৰ বৰ্তমানলৈকে দুটা অংশত বিকাশাৰ হাৰ ২.৬ শতাংশ হ্ৰাস পাইছে ।
বিগত কিছু বছৰৰ দৰে হোৱাৰ দৰে পৰৱৰ্তী বা বৰ্তমানৰ অংশত উদ্ধাৰ হ’ব বুলি পুনৰাই আশা কৰা হ’ব । অৱশ্যে বহু বিশ্লেষকে অনা কৃষি আৰু বেচৰকাৰী খণ্ডত ডিচেম্বৰত জিডিপিৰ বৃদ্ধিত গুৰুত্ব প্ৰদান কৰিছে । এই দিশটোৱে অনাগত মাহসমূহত শক্তি লাভ কৰিবনে নাই সেয়া কোৱাটো টান । ইংগতিসমূহ অস্পষ্ট আৰু আশা কৰাৰ সামান্য থল প্ৰদান কৰে । ইতিবাচক দিশেৰে যদিও জানুৱাৰী মাহৰ ঔদ্যোগিক উৎপাদনৰ তথ্য এতিয়াও লাভ কৰা নাই, মাহটোত মূল ঔদ্যোগিক ফলাফলৰ বৃদ্ধি ২.২ শতাংশ হয় । এয়া ২০১৯ চনৰ আগষ্ট নৱেম্বৰৰ নেতিবাচক বিকাশৰ বিপৰীতে আশাৰ খবৰ । আনহাতে সামগ্ৰী আৰু সেৱাকৰৰ হাৰ ফেব্ৰুৱাৰীত এবছৰৰ ভিতৰত ৮.০৩ শতাংশ বৃদ্ধি পায় (১.০৫ ট্ৰিলিয়ন টকা) ।
আনহাতে বিত্তীয় দিশৰ পৰা দেশৰ অৰ্থনীতিক ইন্ধন যোগান ধৰা বেংকৰ ঋণ প্ৰদানৰ হাৰ বৃদ্ধিৰ দিশটো হতাশাজনক । জানুৱাৰীৰ ৮.৫ শতাংশ বিকাশৰ বিপৰীতে ২০২০ চনৰ ফেব্ৰুৱাৰীৰ প্ৰথম পষেকত অনা খাদ্য সামগ্ৰীৰ ঋণৰ ক্ষেত্ৰত ৬.৩ শতাংশলৈ হ্ৰাস পায় । লগতে জানুৱাৰীত ব্যক্তিগত ঋণৰ বৃদ্ধি সন্তোষজনক আছিল (কনজুমাৰ ডিউৰেবল, ক্ৰেটিড কাৰ্ড আৰু গৃহ ঋণৰ ৪১ শতাংশ)। কিন্তু বিপৰীত ইংগতি গাড়ীৰ বিক্ৰীৰ পৰা আহে । ফেব্ৰুৱাৰী মাহত এই ক্ষেত্ৰখন সেমেকা হৈ পৰে কিয়নো নিৰ্মাতাসকলে বি এছ-১৪ বাহনকলৈ ব্যস্ত থকে আৰু গ্ৰাহকৰ বিশ্বাস এতিয়াও কম । অৱশেষত দুৰ্বল চাহিদা আৰু উৎপাদনৰ বাবে জানুৱাৰীৰ তুলনাত ফেব্ৰুৱাৰীত মেনুফেকচাৰিং পাৰছেশ্বিং মেনেজাৰ ইনডেক্স এক পইণ্ট তললৈ নামে । অৱশ্যে ই এতিয়াও দৃঢ় ।
গতিকে এয়া এতিয়াও লক্ষ্যণীয় যে সামান্য ঊৰ্ধগামিতা পুনৰ জমাকৰণ নে আন কিবা সহনীয় কাৰণৰ বাবে । কিন্তু সাময়িকভাৱে সম্ভাৱনা এন্ধআৰ । ইয়াৰ মূলতে চীনত উদ্ভৱ হোৱা কৰ’না ভাইৰাছৰ মহামাৰী ৰূপ । কৰ’না ভাইৰাছৰ ফলত ইতিমধ্যে কেঁচা সামগ্ৰীৰ সংকটে দেখা দিছে আৰু ফাৰ্মাচিউটিকেল, অটো আৰু ইলেকট্ৰনিক উদ্যোগৰ যোগানত ব্যাঘাত জন্মাইছে । ইয়াৰ ফলত বিশ্বৰ আউটপুট বিকাশ ক্ষতিগ্ৰস্ত হৈছে যিয়ে ভাৰতৰ আমদানিৰ বিকাশকো হ্ৰাস কৰিব । কৰ’ণা ভাইৰাছৰ এই প্ৰভাৱ কমেও কিছু মাহৰ বাবে অব্যাহত থাকিব বুলি আশংকা কৰা হৈছে । এই বিষয়টোক লৈ ভৱিষ্যতৰ অনিশ্চয়তা বহুত বেছি । বিশ্বজুৰি বজাৰৰ প্ৰতিক্ৰিয়া আৰু অৰ্থনৈতিক কাৰ্যকলাপ ব্যাহত হোৱাৰ ফলত হোৱা বিস্ফোৰক পৰিস্থিতিৰ মাজতে ইয়াৰ প্ৰতিফলন ঘটে ।
বিকাশৰ গতি পুনৰুদ্ধআৰৰ বাবে দ্বিতীয় প্ৰচেষ্টা হ’ব পাৰে চৰকাৰৰ ব্যয় হ্ৰাস কৰা । প্ৰতি বছৰৰ শেষাংশত প্ৰতিখন চৰকাৰৰ বাবে এয়া চলি থকা প্ৰচেষ্টা যদিও এই বৰ্ষত বৃহৎ পৰিমাণৰ ৰাজহ ঘাটিৰ বাবে ই বিশেষ হ’ব । চৰকাৰে ডিচেম্বৰৰ ১৫ শতাংশ সীমাৰ সলনি মাৰ্চত বাজেটৰ আবণ্টনৰ খৰচ ১০ শতাংশৰ ভিতৰত ৰাখিবলৈ বিভাগ আৰু মন্ত্ৰালয়সমূহক নিৰ্দেশ দিছে ।
সামগ্ৰিকভাৱে হ্ৰস্বম্যাদী বিকাশ আৰু উদ্ধাৰৰ সম্ভাৱনা এতিয়াও ক্ষীণ । ৰিজাৰ্ভ বেংক অৱ্ ইণ্ডিয়াৰ অপৰম্পৰাগত আৰু খণ্ডভিত্তিক উপায়ে কিছু আশাৰ সৃষ্টি কৰিছে । নিম্ন সুতৰ হাৰ আৰু ঋণৰ উপলব্ধতাই অনাগত দিনত ভাল ফলাফল দিবনে নাই সেয়া এতিয়াও লক্ষ্যণীয় বিষয় ।