গান্ধীজীৰ জীৱনকালত জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশৰ ওপৰত ভাবুকি এক কথিত সমস্যা নাছিল৷ তাৰপিছতো তেখেতৰ সমগ্ৰ বিশ্বদৃষ্টি পৰিৱেশৰ অনূকুল আছিল৷ প্ৰকৃতিৰ ধ্বংস নকৰি ইয়াৰ নিৰ্মাণ তেখেতৰ দৰ্শনত আছিল ৷
তেখেতে নিজৰ সকলোতকৈ উৎসাহী অনুসৰণকাৰী সকলক, বিশেষকৈ যিসকলে তেখেতৰ লগত বিভিন্ন আশ্ৰম সমূহত থাকিবলৈ ইচ্ছুক আছিল সেইসকল লোকক কিছুমান প্ৰতিজ্ঞাৰ দ্বাৰা বান্ধি ৰাখিছিল৷ সত্যৰ প্ৰতিজ্ঞা অৰ্থাৎ কোনো কোনো ভ্ৰষ্টাচাৰৰ অভ্যাস নকৰা৷ সত্যই আমাৰ আমাৰ আপোন সকলৰ বিৰোধী কৰি তোলে৷ অহিংসা ব্ৰত সমস্ত জীৱৰ ওপৰতে প্ৰযোজ্য৷
গান্ধীজী ইমানেই সংবেদনশীল আছিল যে তেওঁ গৰুৰ গাখীৰো খাব নোৱাৰিছিল কাৰণ তেখেতৰ মতে সেই গাখীৰ গৰুৰ পোৱালীৰ বাবে আছিল ৷ পৰৱৰ্তী সময়ত তেখেতে চিকিৎসকৰ পৰামৰ্শ মতে আৰু তেখেতৰ পত্নীৰ উপদেশ মৰ্মে ছাগলীৰ গাখীৰ খাবলৈ মান্তি হৈছিল৷ ব্ৰহ্মচাৰ্য ব্ৰতো এজন ব্যক্তিৰ আবেগসমূহ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয়৷ তেখেতে সকলো মানুহেই নিজৰ তালুৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটোৱেই আশা কৰিছিল৷ গান্ধীজীৰ বাবে কাৰ্যকৰী নোহোৱা বা অপ্ৰয়োজনীয় প্ৰৱন্ধসমূহ চুৰি কাৰ্যৰ সমান আছিল৷ তখেতে বিশ্বাস কৰিছিল যে আমাৰ দৈনন্দীন প্ৰয়োজনসমূহ পূৰণৰ বাবে প্ৰকৃতিয়ে আমাক পৰ্যাপ্ত প্ৰদান কৰি আহিছে আৰু এই ক্ষেত্ৰত ইয়াৰ ভূমিকা ইমানেই আছিল৷ গান্ধীজীয়ে সৰল জীৱন যাপন কৰি প্ৰকৃতিয়ে প্ৰদান কৰা সম্পদ সমূহৰ ওপৰত অধিক বোজা প্ৰদান নকৰাত বিশ্বাসী আছিল৷
গান্ধীজীৰ উন্নয়নৰ ধাৰণাত প্ৰকৃতি ধ্বংসকাৰী আমাৰ দৈনন্দীন জীৱনত ব্যৱহাৰ্য অধিক সংখ্যক যন্ত্ৰ পাতি সংযোজিত হোৱা নাছিল৷ অট’মোবাইল আৰু যন্ত্ৰপাতি উৎপাদনকৰী উদ্যোগসমূহ পৰিৱেশৰ আটাইতকৈ ভয়ংকৰ প্ৰদূষক আৰু কাৰ্বন উৎপাদনৰ স্থল৷ কিন্তু দুৰ্ভাগ্যজনক বিষয় যে আধুনিক পৃথিৱীখনে গান্ধীজীয়ে বুজোৱাৰ বিপৰীতে বিকাশৰ অন্য এক পথহে নিৰ্বাচন কৰিছে৷
আধুনিক বিকাশৰ দ্বিধাটো মনমোহন সিঙৰ বিশ্বস্ত আধুনিক অৰ্থনীতিবিদ লেফটেনেন্ট মন্টেক সিং আহলুৱালিয়াৰ দ্বাৰা সবাতোকৈ ভালদৰে ধৰা পৰে৷ যিয়ে নিজৰ নব্য উদীৰনীতিৰ দ্বাৰা ভাৰতক বিকাশৰ উৰ্ধত ৰাখিছিল৷ ৰাষ্ট্ৰসংঘৰ মানৱ উন্নয়ন প্ৰতিবেদন 2007-08 চন অনুসৰি উন্নত দেশসমূহে কাৰ্বনৰ পৰিমান 80% হ্ৰাস কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ ভাৰতৰ দৰে উন্নয়নশীল দেশসমূহৰ লক্ষ্য 2025 আৰু চীনে 20% হ্ৰাসৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ ইয়ে কাৰ্বন ডাই অক্সাইড আৰু অন্যান্য গ্ৰীণ হাউচ গেচ সমূহৰ নিৰ্গমন হ্ৰাসে স্বাস্থ্য, পুষ্টি আৰু দাৰিদ্ৰ হ্ৰাসত অগ্ৰগতি আনিব পৰে বুলি সতৰ্ক কৰিছে৷ নীতি আয়োগৰ উপাধ্যক্ষ মন্টেক সিং আহলুৱালিয়াই যুক্তি দৰ্শাই কয় যে মাৰ্কিন যুক্তৰাষ্ট্ৰই প্ৰতি বছৰ 20 টন কাৰ্বন ডাই অক্সাইড ৰ স্তৰ 80% হ্ৰাসৰ পিছত 3 টনলৈ হ্ৰাস পাব, আনহাতে ভাৰতবৰ্ষৰ 1.2 টন হ্ৰাস পাই 0.8 টন হৈ যাব৷ তেখেতে এই মাত্ৰা যথেষ্ট বুলি বিবেচনা কৰা নাছিল৷
ভাৰতৰ পৰা যি আশা কৰা হৈছিল সেইটো আছিল এক বিবৰ্তিত উন্নয়নৰ বিকল্প আৰ্হি যিয়ে মনমোহন সিঙৰ পদ্ধতিৰ দৰে চমৎকাৰিভাৱে উৎপাদন কৰিব নোৱাৰে কিন্তু ইয়ে যুৱচামক কৰ্মসংস্থান প্ৰদানৰ প্ৰতি লক্ষ্য ৰাখে৷ মনমোহন সিঙে নিৱনুৱা বৃদ্ধিৰ সমস্যাৰ ওপৰত সদায় মাত মাতি আহিছে৷ ভূটানে ৰাষ্ট্ৰীয় সুখ ঘৰুৱা উৎপাদনতকে অধিক প্ৰয়োজনীয় বুলি ঘোষণা এক সাহসিক পদক্ষেপ গ্ৰহণ কৰিছে৷ জি এন এইচ ৰ ধাৰণাটোৱে অৰ্থনৈতিক সূচক সমূহৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে৷ এই কথাটোৱেই গান্ধীজীয়ে জনাব বিচাৰিছিল যেতিয়া তেখেতে পশ্চিমীয়া উন্নয়নৰ ধাৰণাটো প্ৰত্যাখ্যান কৰিছিল৷ জীৱন আৰু অগ্ৰগতিৰ ক্ষেত্ৰত হিন্দু দৃষ্টিভঙ্গী পশ্চিমীয়া দৃষ্টিভঙ্গীতকৈ পৃথক বুলি তেখেতে দাবী কৰিছিল৷ তেখেতে ৰচনাৰ মাধ্যমেৰে সকলোকে স্বৰাজৰ বিষয়ে অৱগত কৰাৰ প্ৰয়াস কৰিছিল কিন্তু দুখৰ বিষয় যে এই ক্ষেত্ৰত তেখেতৰ নিকটতম সংগী জৱাহৰলাল নেহৰুৱেও সমৰ্থন কৰা নাছিল৷ যিকি নহওক বিশ্বৰ ক্ৰমবৰ্ধমান জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত গান্ধীজীৰ ধাৰণাসমূহ অধিক গ্ৰহণযোগ্য বুলি বিবেচনা হৈ আহিছে৷ আমি কিমান পৰিমানে সেইসমূহক গ্ৰহণ কৰিব পাৰো তাৰ ওপৰতেই আমাৰ ভৱিষ্যত নিৰ্ভৰ কৰিব৷
- সন্দীপ