ETV Bharat / bharat

18 টা ৰাষ্ট্ৰীয় ঘাইপথৰ আধাৰশিলা স্থাপন কৰিব নীতিন গাডকাৰীয়ে - কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী নীতিন গাডকাৰী

ৰাজস্থানত 18 টাকৈ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী নীতিন গাডকাৰীয়ে ৷ এই প্ৰকল্প সমূহে প্ৰায় 1127 কিলোমিটাৰ দৈৰ্ঘ্য সামৰি ল’ব ৷ ইয়াৰ বাবে পুঁজি নিৰ্ধাৰণ কৰা হৈছে 8,341 কোটি ৷

ay foundation stone for 18 highway projects

author img

By

Published : Dec 24, 2020, 12:13 PM IST

নেশ্যনেল ডেস্ক, 24 ডিচেম্বৰ : কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী নীতিন গাডকাৰীয়ে বৃহস্পতিবাৰে ৰাজস্থানত স্থাপন কৰিব 18 টাকৈ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ প্ৰকল্পৰ আধাৰশিলা ৷ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ে প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে, এই প্ৰকল্প সমূহে প্ৰায় 1127 কিলোমিটাৰ দৈৰ্ঘ্য সামৰি ল’ব ৷ ইয়াৰ বাবে পুঁজি নিৰ্ধাৰণ কৰা হৈছে 8,341 কোটি ৷ ৰাজস্থানৰ বিকাশৰ প্ৰসংগ উল্লেখ কৰি যোগাযোগ ব্যৱস্থাৰ উন্নীতকৰণ, আৰ্থিক বিকাশৰ লক্ষ্যৰে এই পথনিৰ্মাণ প্ৰকল্প হাতত লোৱা বুলি জনাইছে মন্ত্ৰণালয়ে ৷

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে এই ভাৰ্চুৱেল কাৰ্যসূচীৰ সভাপতিত্ব কৰিব ৷ এই অনুষ্ঠানত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী জেনেৰেল ভি.কে. সিং আৰু ৰাজ্যৰ বহুকেইজন মন্ত্ৰীয়ে ৷ ইয়াৰ পূৰ্বে সোমবাৰে নীতিন গাডকাৰীয়ে তেলেংগানাত 14 টা ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰকল্পৰ আধাৰশিল স্থাপন কৰে ৷ বিভাগীয় সূত্ৰই জনোৱা মতে, এই প্ৰকল্পত 765.663 কিলোমিটাৰ দৈৰ্ঘ্য সামৰি লোৱা হৈছে আৰু 13,169 কোটি টকা ধাৰ্য কৰা হৈছে ৷

লগতে পঢ়ক : পশ্চিমবংগৰ 'মিনি অন্ধ প্ৰদেশ'ৰ লোকসকলৰ মাজত আনন্দ বন্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.