ETV Bharat / bharat

ক্ৰিকেটাৰৰ পৰা বিচিচিআইৰ অধ্যক্ষলৈঃ সৌৰভ গাংগুলীৰ বৰ্ণিল যাত্ৰা - কলিকতা

ভাৰতীয় ক্ৰিকেটৰ সংকটৰ সময়ত অধিনায়ক হিচাপে সৌৰভ গাংগুলীৰ অৱদান উল্লেখনীয় । তেওঁক ভাৰতৰ সফলতম টেষ্ট ক্ৰিকেট অধিনায়ক হিচাপে জনা যায় ।

 Sourav Ganguly
From Cricketer to BCCI President: The journey of Sourav Ganguly
author img

By

Published : Jul 8, 2020, 10:19 PM IST

স্পৰ্টছ ডেস্ক, 8 জুলাইঃ ভাৰতীয় ক্ৰিকেট ক্ষেত্ৰখনত এক বিশেষ স্থান আছে ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা বৰ্তমানৰ বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীৰ । ক্ৰিকেটাৰগৰাকীক বহু লোকে ভাল পাইছিল যদিও তেখেতৰ অনুৰাগীৰ সৈতে কেতিয়াবা ভাল আৰু কেতিয়াবা বেয়া আছিল সম্পৰ্ক ।

From Cricketer to BCCI President: The journey of Sourav Ganguly
ক্ৰিকেটাৰৰ পৰা বিচিচিআইৰ অধ্যক্ষলৈঃ সৌৰভ গাংগুলীৰ বৰ্ণিল যাত্ৰা
ক্ৰিকেটাৰৰ পৰা বিচিচিআইৰ অধ্যক্ষলৈ তেখেতৰ আছিল এক বৰ্ণিল যাত্ৰা । ভাৰতীয় ক্ৰিকেটৰ সংকটৰ সময়ত অধিনায়ক হিচাপে সৌৰভ গাংগুলীৰ অৱদান উল্লেখনীয় । তেওঁক ভাৰতীয় ক্ৰিকেট দলৰ এগৰাকী অন্যতম সফল অধিনায়ক হিচাপে জনা যায় । আজি অৰ্থাৎ 8 জুলাইত এই জনপ্ৰিয় ক্ৰিকেটাৰগৰাকীৰ 48 সংখ্যক ওপজা দিন । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা 'ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড' চমুকৈ বিচিচিআইৰ অধ্যক্ষলৈ 'ক্ৰিকেট আইকন' গৰাকীৰ এই যাত্ৰাৰ কিছু অৱলোকন ইটিভি ভাৰতৰ ।1972 চনৰ 8 জুলাইত কলকাতাত জন্মগ্ৰহণ কৰিছিল ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে । তেওঁ প্ৰথমতে ৰাজ্যক প্ৰতিনিধিত্ব কৰি ক্ৰিকেট খেলি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল । 1989 চনত পশ্চিম বংগৰ হৈ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক ঘটিছিল গাংগুলীৰ । ইয়াৰ পাছত 1992 চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় এদিনীয়াত প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হৈছিল ক্ৰিকেটাৰগৰাকী । য'ত তেওঁ কেৱল তিনি ৰান কৰি পেভিলিয়নমুখী হৈছিল । ইয়াৰ পাচতেই তেওঁক দলৰ পৰা বাহিৰ কৰি দিয়া হৈছিল ।

উল্লেখ্য় যে, গাংগুলীয়ে 1992-96 চনলৈ কেৱল ঘৰুৱা ক্ৰিকেট মেচত অৱতীৰ্ণ হৈছিল । তাৰ পাছতেই যুঁজাৰু গাংগুলীয়ে প্ৰথমবাৰৰ বাবে 1996 চনত ভাৰতৰ হৈ টেষ্ট ক্ৰিকেটত অংশ লৈ প্ৰথমখন মেচতে শতক অৰ্জন কৰি নিজৰ প্ৰতিভাৱাৰ উমান দিয়ে বিশ্ববাসীক । ইয়াৰ পাচতেই ক্ৰমান্বয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত উজলি উঠিবলৈ সক্ষম হয় গাংগুলী । পিচত 1997 বৰ্ষত এদিনীয়া ক্ৰিকেটটো প্ৰথমটো শতক অৰ্জন কৰিবলৈ সক্ষম হয় সৌৰভ গাংগুলীয়ে ।

এনেদৰে, ক্ৰিকেট জগতত দুৰ্দান্ত প্ৰদৰ্শন অব্যাহত ৰখাৰ সময়তেই 2000 বৰ্ষত এদিনীয়া আৰু টেষ্ট ক্ৰিকেটৰ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়কৰ দায়িত্ব অৰ্পন কৰা হয় গাংগুলীক । সেই সময়ছোৱা আছিল ভাৰতীয় ক্ৰিকেট দলৰ বাবে অত্য়ন্ত কঠিন । কাৰণ মেচ ফিক্সিঙৰ বিবাদত জৰ্জৰিত হৈ পৰিছিল ভাৰতীয় দলটো । গাংগুলীৰ নেতৃত্বতেই ভাৰতীয় ক্ৰিকেট দলটোৱে 49 খন টেষ্ট মেচৰ ভিতৰত 21 খনত জয় লাভ আৰু 13 খন পৰাজয় আনহাতে 146 খন এদিনীয়াত 76 খনত জয় আৰু 65 খনত পৰাজয়ৰ সন্মুখীন হয় ।

গাংগুলীৰ নেতৃত্বতেই ভাৰতে 2003 চনৰ এদিনীয়া বিশ্বকাপত ফাইনেলত অৱতীৰ্ণ হ'বলৈ সক্ষম হৈছিল । অৱশ্যে মেচখনত শক্তিশালী অষ্ট্ৰেলিয়াৰ হাতত পৰাজয়বৰণ কৰিবলগীয়া হৈছিল দলটোৱে । গাংগুলীৰ অধিনায়কৰ সময়তেই ভাৰতে বিদেশৰ ভূমিত জয়ৰ সোৱাদ লাভ কৰিছিল । বিদেশত অনুষ্ঠিত হোৱা 28 খন টেষ্ট মেচৰ ভিতৰত 11 খন টেষ্টত জয় লাভ কৰিছিল ভাৰতে । গাংগুলীয়ে নিজৰ আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটৰ পাকিস্তানৰ বিৰুদ্ধে 2007 চনত প্ৰথমটো দ্বিশতক অৰ্জন কৰিছিল ।

আজিও বিশ্ব ক্ৰিকেটত এক জনপ্ৰিয় নাম সৌৰভ গাংগুলী । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত গাংগুলীৰ নামত আছে প্ৰায় 18 হাজাৰ ৰান । 2008 চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল গাংগুলীয়ে । সৌৰভ গাংগুলীয়ে 311 খন আন্তঃ ৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেট মেচ খেলি সৰ্বমুঠ 11,363 ৰান সংগ্ৰহ কৰাৰ বিপৰীতে 116 খন টেষ্ট মেচ খেলি মুঠ 7212 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ।

2008, 2009 আৰু 2010 বৰ্ষত আইপিএলত কলকাতা নাইট ৰাইডাৰ্ছৰ দলৰ হৈ সৌৰভ গাংগুলীয়ে অংশগ্ৰহণ কৰাৰ লগতে দলটোক নেতৃত্ব প্ৰদান কৰিছিল । পিচত পুনে ৱাৰিয়াৰ্ছ দলৰ সৈতেও জড়িত হৈছিল গাংগুলী । ইয়াৰ পাচতেই 2015 চনত বেংগল ক্ৰিকেট সন্থাৰ সভাপতি আৰু 2019 বৰ্ষত বিচিচিআইৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰে সৌৰভ গাংগুলীয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.