ETV Bharat / bharat

চাৰি ভাতৃ ভগ্নীক নৃশংসভাৱে হত্যা

author img

By

Published : Oct 16, 2020, 6:40 PM IST

পিতৃ- মাতৃ ওচৰত নথকা অৱস্থাত চাৰি ভাতৃ ভগ্নীক নৃশংসভাৱে হত্যা ৷ মহাৰাষ্ট্ৰৰ জলগাঁও জিলাত এই নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে ৷ কুঠাৰেৰে চাৰিওজনকে হত্যা কৰাৰ অভিযোগ ৷

চাৰি ভাতৃ ভগ্নীক নৃশংসভাৱে হত্যা
চাৰি ভাতৃ ভগ্নীক নৃশংসভাৱে হত্যা

নেশ্যনেল ডেস্ক, 16 অক্টোবৰ: মহাৰাষ্ট্ৰৰ জলগাঁও জিলাত চাৰি ভাতৃ ভগ্নীক নৃশংসভাৱে হত্যা ৷ শুকুৰবাৰে ৰাতিপুৱা মৃত অৱস্থাত চাৰি ভাতৃ ভগ্নীক উদ্ধাৰ ৷ তথ্য অনুসৰি ৰাৱেৰ কাষৰ বৰগাঁৱৰ এখন পথাৰত দুগৰাকী লৰা আৰু দুগৰাকী ছোৱালীৰ মৃতদেহ উদ্ধাৰ হৈছে ৷

নিজ পত্নী আৰু পাঁচ সন্তানৰ সৈতে মায়তাব বিলাল নামৰ এগৰাকী লোকে এই পথাৰত বাস কৰিছিল ৷ অক্টোবৰ 15 তাৰিখে কোনো কামৰ বাবে চাৰি সন্তানক ঘৰতে এৰি পত্নী আৰু এক সন্তানৰ সৈতে তেওঁ মধ্যপ্ৰদেশলৈ যায় ৷ শুকুৰবাৰে ৰাতিপুৱা ঘৰলৈ উভতি আহি তেওঁলোকে চাৰি সন্তানক মৃত অৱস্থাত উদ্ধাৰ কৰে ৷ জানিব পৰা মতে এখন কুঠাৰেৰে চাৰিওজনকে হত্যা কৰা হৈছে ৷ ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: কেৰালাত সুৰাৰ বাবে পুত্ৰৰ চুৰিৰ আঘাতত মৃত্যু পিতৃৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.