ETV Bharat / bharat

আমেৰিকা যুক্তৰাষ্ট্ৰত আবদ্ধ 225 জন যাত্ৰী কঢ়িয়াই ভাৰতত উপস্থিত বিশেষ বিমান

author img

By

Published : May 11, 2020, 3:20 PM IST

এয়াৰ ইণ্ডিয়াৰ বিমানখনে কঢ়িয়াই আনে এই সকল যাত্ৰীক । লক ডাউনৰ পাচত এয়াই প্ৰথম আমেৰিকাৰ পৰা যাত্ৰী অনা হৈছে ভাৰতলৈ ।

আমেৰিকা যুক্তৰাষ্ট্ৰত আবদ্ধ 225 জন যাত্ৰী কঢ়িয়াই ভাৰতত উপস্থিত বিশেষ বিমান
আমেৰিকা যুক্তৰাষ্ট্ৰত আবদ্ধ 225 জন যাত্ৰী কঢ়িয়াই ভাৰতত উপস্থিত বিশেষ বিমান

নিউজ ডেস্ক, 11 মে': আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা প্ৰথমখন বিমানযোগে 225 গৰকী যাত্ৰীক লৈ সোমবাৰে পুৱা ভাৰতত উপস্থিত হয় । চান ফ্ৰানচান্সিস্কোৰ পৰা বিমানখন উৰা মাৰি উপস্থিত হয় মুম্বাইৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত । এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমান এখনে কঢ়িয়াই আনে এই সকল আবদ্ধ লোকক । এই উদ্ধাৰ অভিযান "বন্দে ভাৰতৰ মিছন"ৰ এক অংশ ।

এই সম্পৰ্কে বৈদেশিক মন্ত্ৰী সুব্ৰমণিয়াম জয়শংকৰে টুইট যোগে এয়াৰ ইণ্ডিয়াক এই উদ্ধাৰত সহায় কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।

বিদেশৰ পৰা অহা সকলো লোককে স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে আৰু লক্ষণ থকা লোক সকলক সুকীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিছে । আনহাতে আন সকলোকে বিভিন্ন হোটেলত কোৱাৰান্টাইনৰ ব্যৱস্থা কৰি দিছে । এই সকলোক্ষেত্ৰতে প্ৰশাসনেই পৰিবহণৰ ব্যৱস্থা কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.