ETV Bharat / bharat

উৰা বাতৰি বিয়পোৱাৰ বাবে পশ্চিমবংগৰ বিজেপি সাংসদৰ বিৰুদ্ধে এজাহাৰ - কৰ'ণা ভাইৰাচ

পশ্চিমবংগৰ বিজেপি সাংসদ সুভাষ চৰকাৰৰ বিৰুদ্ধে উৰা বাতৰি বিয়পোৱাৰ অভিযোগত এফ আই আৰ দাখিল কৰিছে । চৰকাৰে কৰ'ণা ভাইৰাছত মৃত্যু হোৱা দুজন লোকৰ সৎকাৰ সম্পৰ্কে সামাজিক মাধ্যমত উৰা বাতৰি বিয়পাইছিল ৷

উৰা বাতৰি বিয়পোৱাৰ বাবে পশ্চিমবংগৰ বিজেপি সাংসদৰ বিৰুদ্ধে এজাহাৰ

author img

By

Published : Apr 17, 2020, 2:23 PM IST

নিউজ ডেস্ক, 17 এপ্ৰিলঃ বৃহস্পতিবাৰে আৰক্ষীয়ে কলকাতাৰ ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ সুভাষ চৰকাৰৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰে ৷ চৰকাৰে সামাজিক মাধ্যমযোগে উৰা বাতৰি বিয়পোৱাৰ অভিযোগ তুলিছে ৷

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, সামাজিক মাধ্যমযোগে দুজন ব্যক্তিৰ সৎকাৰক লৈ তেওঁ উৰা বাতৰি বিয়পাইছিল ৷ দুগৰাকী ব্যক্তিৰ সৎকাৰ হোৱাৰ পাচত সাংসদ গৰাকীয়ে কৈছিল যে,লোক দুজনৰ মৃত্যু কৰ'ণা ভাইৰাছৰ ফলত হৈছিল কিন্তু প্ৰশাসনে ভুল কৰি সাধাৰণ ভাৱেই সৎকাৰৰ ব্যৱস্থা কৰিলে ।

তেওঁৰ এই মন্তব্যৰ পাচতে তৃণমূল কংগ্ৰেছৰ নেতা জয়দ্বীপ চোট্টোপধ্যায়ে বেনকুৰা সদৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰে । তৃণমূল কংগ্ৰেছৰ নেতা জনে কয় যে, "সাংসদ গৰাকী নিজেই ডাক্তৰ। প্ৰতিবেদন নোচোৱাকৈয়ে কৰ'ণা ভাইৰাছ মহামাৰীৰ সময়ত সামাজিক মাধ্যমত উৰা বাতৰি প্ৰচাৰ কৰাটো দুৰ্ভাগ্যজনক ।"

আনহাতে বিজেপিৰ সাংসদ গৰাকীয়ে কয় যে,"ফলাফল অহাৰ পূৰ্বেই কেনেদৰে প্ৰশাসনে মৃতদেত সৎকাৰ কৰিব পাৰে ।" উল্লখ্য যে,চৰকাৰী এখন হাস্পতালত দুজন লোকৰ 12 এপ্ৰিলত মৃত্যু হৈছিল । তাৰ পাচত প্ৰশাসনে তেওঁলোকৰ দেহ সৎকাৰ কৰিছিল । একাংশ লোকে দাবী কৰিছিল যে,লোক দুজনৰ কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হৈছিল ।

লগতে পঢ়কঃ অভিলেখ ! ২০.৩ কোটি জনতাই চাইছিল মোডীৰ লক ডাউন ২.০ ৰ সম্বোধন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.