ETV Bharat / bharat

হাথৰস-আলিগড়লৈ আৰক্ষীৰ শীৰ্ষ বিষয়া প্ৰেৰণ

author img

By

Published : Oct 8, 2020, 1:33 PM IST

উত্তৰ প্ৰদেশৰ হাথৰস কাণ্ডৰ উত্তেজনা অব্যাহত থকাৰ সময়তে হাথৰস জিলা আৰু আলিগড়লৈ প্ৰেৰণ আৰক্ষীৰ শীৰ্ষ বিষয়া। অতিৰিক্ত আৰক্ষী মহানিৰ্দেশক আৰু আৰক্ষী উপ-মহাপৰিদৰ্শক পৰ্যায়ৰ দুগৰাকী আৰক্ষী বিষয়াক ৭দিনৰ বাবে প্ৰেৰণ।

হাথৰস-আলিগড়লৈ আৰক্ষীৰ শীৰ্ষ বিষয়া প্ৰেৰণ
হাথৰস-আলিগড়লৈ আৰক্ষীৰ শীৰ্ষ বিষয়া প্ৰেৰণ

নেশ্যনেল ডেস্ক, ৮অক্টোবৰ: হাথৰস কাণ্ডক লৈ কৰা হেমাহিৰ বাবে উত্তৰ প্ৰদেশৰ হাথৰস আৰক্ষীৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াৰ নিলম্বন আৰু বদলিৰ পিছতে সলনি হৈছে সমগ্ৰ দৃশ্যপট। শেহতীয়াকৈ হাথৰস জিলা আৰু আলিগড়লৈ ৭দিনৰ বাবে প্ৰেৰণ কৰা হৈছে আৰক্ষীৰ ২গৰাকী শীৰ্ষ বিষয়া। অতিৰিক্ত আৰক্ষী মহানিৰ্দেশক আৰু আৰক্ষী উপ-মহাপৰিদৰ্শক পৰ্যায়ৰ দুগৰাকী আৰক্ষী বিষয়াক প্ৰেৰণ কৰা হৈছে। হাথৰসৰ গণধৰ্ষণ কাণ্ড সন্দৰ্ভত উত্তৰ প্ৰদেশৰ আইন ব্যৱস্থাত আহি পৰা অস্থিৰতাৰ প্ৰতি লক্ষ্য কৰি বুধবাৰে এই বিষয়া ২গৰাকীক প্ৰেৰণ কৰাৰ সিদ্ধান্ত লোৱা হয়।

বুধবাৰে মথুৰাত 'পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া'ৰ ৪জন সদস্যৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয়। এজাহাৰত উল্লেখ কৰা হৈছে যে, এই ৪জন লোকে শান্তি বিঘ্নিত কৰাৰ বাবে হাথৰসলৈ অভিমুখে যাত্ৰা কৰিছিল। কিছুমান বিশেষ সম্প্ৰদায়ৰ সংগঠনক উচতনি দি সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰাৰ অভিসন্ধি ৰচিছিল বুলি সংবাদ মাধ্যমত সম্প্ৰচাৰ হৈছিল। ইয়াৰ পূৰ্বে মঙলবাৰে অতিৰিক্ত আৰক্ষী মহানিৰ্দেশক প্ৰশান্ত কুমাৰে কয় যে, এক বিশেষ সূত্ৰ জৰিয়তে দিল্লীৰ পৰা হাথৰসলৈ সন্দেহজন লোকৰ আগমণৰ খবৰ পাইছিল আৰক্ষীয়ে।

খবৰ পোৱাৰ পিছতে আৰক্ষীয়ে মথুৰা টোল গে'টত তালাচী অভিযান চলায় আৰু পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ ৪জন সদস্যক কৰায়ত্ত কৰে। উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ নিৰ্দেশমৰ্মে হাথৰস কাণ্ডৰ প্ৰতিবেদন জমা দিয়াৰ বাবে বিশেষ তদন্তকাৰী দলৰ সময়সীমা ১০দিনলৈ বৃদ্ধি কৰা হৈছে। গণধৰ্ষণৰ বলি হোৱা হাথৰসৰ এগৰাকী দলিত যুৱতীৰ যোৱা ২৯ ছেপ্টেম্বৰত দিল্লীৰ ছফৰগঞ্জ হাস্পতালত মৃত্যু হয়।

ইয়াৰ উপৰিও আলিগড়ত নিজৰ মোমায়েকৰ কামনাৰ বলি হৈছিল এজনী ৬ বছৰীয়া কণমানি। ধৰ্ষণৰ ১৫দিন পিছত দিল্লীৰ ছফৰগঞ্জ হাস্পতালতে কণমানিজনীৰ মৃত্যু হয়। কণমানিজনী আলিগড়ত মোমায়েকৰ ঘৰত আছিল আৰু পিতৃ-মাতৃ হাথৰসত আছিল।

লগতে পঢ়ক: Covid 19: বিশ্বৰ সামগ্ৰিক তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.