যন্ত্ৰচালিত নাৱৰে অহা 10 জনীয়া সন্ত্ৰাসবাদীৰ দলটোৱে ভাৰতীয় সময় অনুসৰি বিয়লি 8 বজাত মুম্বাইত প্ৰৱেশ কৰি দুটা দলত বিভক্ত হৈ চলাইছিল হত্যালীলা ৷ পাচঁজন সন্ত্ৰাসসবাদীয়ে প্ৰথম হত্যাযজ্ঞ চলাইছিল তাজ মহল পেলেচ হোটেল,চত্ৰপতি শিৱাজী টাৰ্মিনাচ ৰেলৱে ষ্টেচন আৰু লিঅ’পলড কেফেত ৷ দ্বিতীয় হত্যাযজ্ঞ চলিছিল নাৰিমন হাউচত, য’ত 7 গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল ৷ সমগ্ৰ আক্ৰমণটোত মুঠ 164 জন লোকে প্ৰাণ হেৰুৱাইছিল আৰু আহত হৈছিল 600 ত কৈও অধিক সংখ্যক লোক ৷
লগতে পঢ়কঃ ছাৰে ঘৰত থাকি ভাল পায়: ৰেজিষ্টাৰ বহী হোম ডেলিভাৰী দিয়ে ছাত্ৰই