ETV Bharat / bharat

কংগ্ৰেছৰ পৰামৰ্শ আওকাণ কৰিছে নিৰ্বাচনী আয়োগে:কে.চি বেণুগোপাল - NAT_Congress statement_21082020_Niyamika

আগন্তুক নিৰ্বাচনক লৈ কংগ্ৰেছে আগবঢ়োৱা পৰামৰ্শক নিৰ্বাচনী আয়োগে আওকাণ কৰিছে- কে.চি বেণুগোপাল। ক'ভিড-১৯ৰ ভয়াৱহ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কেতবোৰ পৰামৰ্শ আগবঢ়াইছিল কংগ্ৰেছে । কংগ্ৰেছৰ পৰামৰ্শ নিৰ্বাচনী আয়োগে আওকাণ কৰাত অসন্তুষ্টি প্ৰকাশ কৰিছে কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে.চি বেণুগোপালে ।

কংগ্ৰেছৰ পৰামৰ্শ আওকাণ কৰিছে নিৰ্বাচনী আয়োগে:কে.চি বেণুগোপাল

author img

By

Published : Aug 22, 2020, 3:29 PM IST

নেশ্যনেল ডেস্ক,২২আগষ্টঃ ক'ৰোনা মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰাৰ মাজতে আগন্তুক নিৰ্বাচনৰ প্ৰস্তুতিতো ব্যস্ত হৈ পৰিছে দল-সংগঠন। ক'ভিড-১৯ৰ ভয়াৱহ পৰিস্থিতিৰ বাবে অধিক সাৱধান হ'বলৈ সকীয়নি দি নিৰ্বাচনী আয়োগক কেতবোৰ পৰামৰ্শ আগবঢ়াইছিল কংগ্ৰেছে । কিন্তু নিৰ্বাচনী আয়োগে কংগ্ৰেছৰ পৰামৰ্শক উপেক্ষা কৰিছে বুলি অসন্তুষ্টি প্ৰকাশ কৰিছে কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে.চি বেণুগোপালে । নিৰ্বাচনত ই ভি এমৰ পৰিৱৰ্তে বেলট কাকত ব্যৱহাৰ কৰিবলৈ কংগ্ৰেছে আহ্বান জনাইছিল । একেটা ইভিএমৰ বুটাম শ শ লোকে স্পৰ্শ কৰাৰ ফলত সংক্ৰমণৰ আশংকা অধিক হোৱাতো নিশ্চিত বুলি পৰামৰ্শাৱলীত উল্লেখ কৰিছে কংগ্ৰেছে । নিৰ্বাচনী আয়োগে ইভিএমবোৰ ছেনিটাইজ কৰাৰ নিৰ্দেশ দিছে যদিও সময়ত সেয়া ফলপ্ৰসু নহ'ব বুলিও মন্তব্য কৰে বেণুগোপালে । ইভিএমৰ ব্যৱহাৰে গ্ৰামাঞ্চলত ক'ভিড-১৯ৰ সংক্ৰমণৰ মাত্ৰা বৃদ্ধি কৰিব বুলি মতপ্ৰকাশ কৰিছে।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.