নিউজ ডেস্ক, ৬ এপ্ৰিলঃ হিমাচল প্ৰদেশত ভূমিকম্প । সোমবাৰে ৩,১ ৰিফটাৰ স্কেলৰ ভূমিকম্পই জোঁকাৰি জাই হিমাচলৰ চাম্বা জিলা । বতৰ বিজ্ঞান বিভাগৰ অনুসৰি বৰ্তমান পৰ্যন্ত কোনো ক্ষয়ক্ষতি হোৱাৰ খবৰ লাভ কৰা নাই জিলাখনৰ পৰা ।
চিমলাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ নিৰ্দেশক মনমোহন সিঙৰ ভাষ্য অনুসৰি, সোমবাৰে পুৱা ৭.০৩ বজাত জিলাখনত ভূমিকম্প অনুভূত হয় বুলি সদৰী কৰে । আনহাতে, চাম্বা জিলাত বিগত ১১ দিনত এইটো অষ্টমটো ভূমিকম্প বুলি সদৰী কৰে ।
উল্লেখ্য যে, চাম্বা জিলাৰ উত্তৰ পূৰ্বৰ ৫ কিলোমিটাৰ অন্তৰ্ভাগত ভূমিকম্পৰ উ!পত্তিস্থল বুলি মন্তব্য কৰে বতৰ বিজ্ঞান কেন্দ্ৰই ।
ইয়াৰ পূৰ্বে, ২৭ আৰু ৩০ মাৰ্চ তিনিদিনৰ ভিতৰত জিলাখনত ৭ টাকৈ ভূমিকম্প অনুভূত হয় বুলি মন্তব্য কৰে । হিমাচল প্ৰদেশৰ অধিকাংশই ভূমিকম্পৰ ক্ষেত্ৰত সংবেদনশীল বুলিও সদৰী কৰে কেন্দ্ৰটোৱে ।
আনহাতে, মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰতো সোমবাৰে ভূমিকম্পৰ জোকাৰণি অনুভূত হয় । ৰাজ্যখনত কোনো ক্ষয়ক্ষতি হোৱা নাই বুলি মন্তব্য় কৰে বতৰ বিজ্ঞান বিভাগে ।