নেশ্যনেল ডেস্ক, 29 ফেব্ৰুৱাৰীঃ দিল্লী হিংসাত্মক সংঘৰ্ষৰ বাবে 25 ফেব্ৰুৱাৰীৰ পৰা সন্ধানহীন হৈ থকা এগৰাকী যুৱকৰ অৱশেষত সন্ধান ওলাল জিটিবি হাস্পতালৰ মৰ্গত ৷ পৰিয়ালৰ লোকে দিল্লীৰ বিভিন্ন হাস্পতালত অনুসন্ধান চলাই আছিল 22 বছৰীয়া মনীষ নামৰ যুৱকজনৰ ৷ মনীষৰ মাতৃয়ে মৰ্গত মৃতদেহটো চিনাক্ত কৰে ৷
উল্লেখ্য যে, যুৱকজনৰ সম্বন্ধীয় ইব্ৰাহিমে প্ৰকাশ কৰা অনুসৰি মনীষে নিজৰ মাতৃক লগ কৰাৰ উদ্দেশ্যে বাদলীলৈ গৈছিল আৰু তেওঁ নিজৰ শ্ৰমিক হিচাপে কৰ্মস্থলী মুস্তাফাবাদলৈ ঘূৰি আহিছিল ৷ লগতে তেওঁ কয় যে, ঘূৰি অহাৰ সময়ত দিনৰ 3.30 বজাত হিংসাজৰ্জৰ যমুনা বিহাৰ অঞ্চলত আছিল আৰু ইব্ৰাহিমে ভাবিছিল যে সুৰক্ষিতভাৱে ঘৰ পাইছিল ৷ কিন্তু প্ৰকৃততে যুৱকজন ঘৰ গৈ নাপালেগৈ আৰু তেওঁৰ ফোনটোও বন্ধ হৈ আছিল ৷
আনহাতে ইব্ৰাহিমে মনীষক বিচাৰি এইমছকে ধৰি মুঠ 7খন হাস্পতালৰ লগতে আৰক্ষী চকীতো এজাহাৰ দাখিল বুলি প্ৰকাশ কৰে ৷
অৱশেষত দিল্লীৰ জিটিবি হাস্পতালক মৰ্গত উদ্ধাৰ কৰা হয় যুৱকজনৰ মৃতদেহ ৷
আনহাতে 35 বছৰীয়া মহম্মদ ফিৰোজৰ পৰিয়ালে তেওঁক বিচাৰি অনুসন্ধান জিটিবি হাস্পতালত সমাপ্তি ঘটা নাছিল ৷ তেওঁৰ পত্নী শ্বাবানাই উল্লেখ কৰে যে, ফিৰোজ যেতিয়া সংঘৰ্ষৰ মুখামুখী হৈছিল শ্বাবানাই লোনীৰ নিজৰ কামৰ পৰা উভতি আহি আছিল ৷ লগতে এই সংঘৰ্ষত ফিৰোজৰ ফোনটো ভাঙি গৈছিল আৰু মুছলমান পৰিয়াল এটাই তেওঁক সহায় কৰা বুলি উল্লেখ কৰিছিল ৷
ইয়াৰোপৰি তেওঁ শেষবাৰৰ বাবে পত্নী শ্বাবানাৰ লগত ফোনযোগে কথা পতাৰ সময়ত তেওঁক সংঘৰ্ষত বেয়াকৈ আঘাতপ্ৰাপ্ত কৰাৰ কথা অৱগত কৰিছিল আৰু এয়াই হয়তো শেষ কথা-বতৰা বুলি শ্বাবানাই উল্লেখ কৰে ৷
লগতে তেওঁ কয় যে ফিৰোজে আশ্ৰয় লৈ থকা ঘৰটো দুৰ্বৃত্তই জ্বলাই দিয়া বুলি পিছত গম পায় ৷
আৰু পঢ়কঃৰাষ্ট্ৰীয়তাবাদ আত্মৰক্ষামূলক হ'ব নালাগে : বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ