ETV Bharat / bharat

দিল্লীত দুদিনৰ ভিতৰত COVID-19ত আক্ৰান্ত সৰ্বাধিক লোক

author img

By

Published : Jun 13, 2020, 11:21 PM IST

দিল্লীত দুদিনৰ ভিতৰত 2,134 গৰাকী লোকৰ দেহত ধৰা পৰে COVID-19 । যিটো এই পৰ্যন্ত দিল্লীত পোৱা কৰ'ণা আক্ৰান্তৰ সংখ্যাৰ ভিতৰতে সৰ্বাধিক ।

COVID
COVID

নেশ্যনেল ডেস্ক, ১৩ জুনঃ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত দুদিনৰ ভিতৰত 2,134 গৰাকী লোকৰ দেহত ধৰা পৰে COVID-19 । যাৰ ফলত চহৰখনত COVID-19 আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায় প্ৰায় 39,000 গৰাকী লোকলৈ । আনহাতে দিল্লীত এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে 1,271 গৰাকী লোক ।

দিল্লীত একেলেথাৰিয়ে দ্বিতীয়টো দিনত পজিটিভ লোকৰ সংখ্যাই 2000 অতিক্ৰম কৰে । যিটো এই পৰ্যন্ত দিল্লীত পোৱা কৰ'ণা আক্ৰান্তৰ সংখ্যাৰ ভিতৰতে সৰ্বাধিক ।

বিগত ২৪ ঘন্টাত দিল্লীত 57 গৰাকী আক্ৰান্ত লোকৰ মৃত্যু হয় । দিল্লীত কৰ'ণা ভাইৰাছৰ ফলত মৃত্যু লোকৰ সংখ্যা 1,271 গৰাকীলৈ বৃদ্ধি পোৱাৰ লগতে COVID-19ত আক্ৰান্তৰ মুঠ সংখ্যা হয়গৈ 38,958 গৰাকী ।

দিল্লীত এতিয়ালৈ 14,945 গৰাকী লোকে এই মহামাৰীৰ কবলৰ পৰা আৰোগ্য লাভ কৰিছে । আনহাতে বৰ্তমানেও 22,742 গৰাকী সক্ৰিয় আক্ৰান্ত লোক আছে চহৰখনত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.