ETV Bharat / bharat

পৱন কুমাৰ গুপ্তাৰ ক্ষমা আবেদন খাৰিজ দিল্লী আদালতৰ - দিল্লী উচ্চ ন্যায়ালয়

নিৰ্ভয়া ধৰ্ষণ কাণ্ডৰ লগত জড়িত থকা পৱন কুমাৰ গুপ্তাই দিল্লী আদালতত ক্ষমাৰ বাবে আবেদন কৰিছিল ৷ সেই সময়ত নিজকে নাালক থকা বুলি মন্তব্য কৰি দিল্লী আদালতলৈ আবেদন কৰিছিল যদিও দিল্লী আদালতে এই আবেদন খাৰিজ কৰে ৷

Delhi High Court dismisses death row convict's plea in Nirbhaya case
পৱন কুমাৰ গুপ্তাৰ ক্ষমা আবেদন খাৰিচ দিল্লী আদালতৰ
author img

By

Published : Dec 19, 2019, 6:35 PM IST

নিউজ ডেস্ক,19 ডিচেম্বৰ : শুকুৰবাৰে দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে নিৰ্ভয়া ধৰ্ষণ কাণ্ডৰ লগত জড়িত থকা পৱন কুমাৰ গুপ্তাৰ ক্ষমা আৱেদন ৷ দেশ জোকাৰি যোৱা এই ধৰ্ষণ কাণ্ডৰ লগত জড়িত থকা চাৰিজন ব্যক্তিৰ ভিতৰত অন্যতম এজন আছিল পৱন কুমাৰ গুপ্তা ৷ যি সময়ত ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল সেই সময়ত পৱন নাবালক আছিল বুলি দাবী কৰি ৰেহাইৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল দোষী পৱন গুপ্তাই ৷

উল্লেখ্য যে, 2012 চনৰ 16 ডিচেম্বৰত সংঘটিত হৈছিল দেশক লজ্জানত কৰা এক ভয়ংকৰ ঘটনা ৷ ৰাজধানী দিল্লীত এখন বাছত এগৰাকী 23 বছৰীয়া যুৱতীক 5 জন লোকে প্ৰথমে ধৰ্ষণ কৰি আক্ৰমণ কৰি পথৰ দাঁতিত পেলাই থৈ গৈছিল ৷ ইফালে, যুৱতীগৰাকীৰ লগত থকা বন্ধুকেইজনকো আক্ৰমণ কৰি বাছৰ পৰা পেলাই দিছিল ৷ যুৱতীগৰাকীয়ে 13 দিনে মৃত্যুৰ সৈতে যুঁজি-যুঁজি অৱশেষত মৃত্যুবৰণ কৰিছিল ৷ এই ঘটনা সংঘটিত হোৱাৰ পাছতেই সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি হৈছিল আৰু দোষীক শাস্তিৰ বাবে দাবী জনাইছিল ৷

এই জঘন্য ঘটনাৰ লগত থকা জড়িত থকা মুকেশ,পৱন কুমাৰ গুপ্তা,বিনয় শৰ্মা আৰু অক্ষয় কুমাৰ সিঙক গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ডৰ ৰায় দিছিল দিল্লী আদালতে ৷ কিন্তু এই ঘটনাৰ লগত জড়িত থকা এজন যুৱকক আদালতে মৃত্যুদণ্ডৰ শাস্তি দিব পৰা নাছিল কিয়নো ঘটনা সংঘটিত হোৱা সময়ত যুৱকজন নাবালক আছিল ৷ যুৱকজনক জুভেনাইল লৈ প্ৰেৰণ কৰিছিল ৷

অন্য এক খবৰৰ বাবে : পুনৰ তিনিচুকীয়া আৰক্ষীৰ জিম্মালৈ আলফা নেতা জিতেন দত্ত

ইফালে,দোষীকেইজনক 2017 চনত দিল্লী আদালতে মৃত্যুদণ্ডৰ ৰায়ৰ শুনানী প্ৰদান কৰা হৈছিল যদিও মৃত্যুদণ্ডৰ ৰায়ৰ পুনৰীক্ষণৰ বাবে আবেদন জনাইছিল অক্ষয় কুমাৰ সিঙে ৷ কিন্তু ন্যায়াধীশ অশোক ভূষণ আৰু এ.এচ বোপান্নাই উল্লেখ কৰা অনুসৰি 2017 চনৰ ৰায় অনুসৰি দোষীক ইতিমধ্যেই মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰা হৈছে আৰু ইয়াক পুনৰ বিবেচনাৰ আবেদন নস্যাৎ কৰা হৈছে ৷

অন্য এক খবৰৰ বাবে : 'ইউ এছ হাউচত' ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে মহা অভিযোগৰ প্ৰস্তাৱ গৃহীত

ইয়াৰ পাছতেই পৱন কুমাৰ গুপ্তাই দিল্লী আদালতলৈ ঘটনা সংঘটিত হোৱাৰ সময়ত নিজকে নাবালক আছিল বুলি উল্লেখ কৰি আদালতলৈ ক্ষমা আবেদন দিছিল যদিও আদালতে এই আবেদনক নাকচ কৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.