ETV Bharat / bharat

দিল্লী মহিলা আয়োগৰ নেত্ৰী শ্বাতী মালিৱালৰ স্বাস্থ্যৰ অৱনতি - শ্বাতী মালিৱালৰ অনশন কাৰ্যসূচী

অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ 'দিশা আইন' সমগ্ৰ দেশতে প্ৰৱৰ্তন কৰাৰ দাবীত বিগত 10 দিনৰ পৰা শ্বাতী মালিৱালে অনশন কাৰ্যসূচী ৰূপায়ণকৰি আহিছিল ৷ অনশন কাৰ্যসূচী অব্যাহত থকাৰ সময়তে নেত্ৰী গৰাকী অচেতন হৈ পৰি যোৱাৰ পাচতে নেত্ৰী গৰাকীক দিল্লীৰ এলএনজেপি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

DCW chief Swati Maliwa
শ্বাতী মালিৱালৰ স্বাস্থ্যৰ অৱনতি
author img

By

Published : Dec 15, 2019, 10:16 AM IST

নিউজ ডেস্ক , 15 ডিচেম্বৰঃ দিল্লী মহিলা আয়োগৰ নেত্ৰী শ্বাতী মালিৱালৰ স্বাস্থ্যৰ অৱনতি হোৱাত দিল্লীৰ এলএনজেপি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ বিগত 10 দিনৰ পৰা নেত্ৰী গৰাকীয়ে ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰি 6 মাহৰ ভিতৰতে মৃত্যুদণ্ড বিহাৰ দাবীত অনশন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছিল ৷

শুকুৰবাৰে দিল্লী মহিলা আয়োগৰ নেত্ৰী গৰাকীয়ে,অন্ধ্ৰপ্ৰদেশৰ 'দিশা আইন'খন সমগ্ৰ দেশতে প্ৰৱৰ্তন নকৰালৈকে তেওঁৰ অনশন কাৰ্যসূচী ভংগ নকৰে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন পত্ৰ লিখিছিল ৷ লগতে তেওঁ লিখে যে বিগত 12 দিনত তেওঁ 8 কেজি ওজন হ্ৰাস কৰিছে আৰু শাৰিৰীক ভাৱে অসুস্থ হৈ পৰাৰ পাচতো তেওঁ 'দিশা আইন'খন সমগ্ৰ দেশতে প্ৰৱৰ্তন নকৰালৈকে অনশন কাৰ্যসূচী ভংগ নকৰে বুলি প্ৰতিশ্ৰুতি দিয়ে ৷ তেওঁ পত্ৰখনত উল্লেখ কৰে যে সাংসদ সকলে শীতকালীন অধিবেশনৰ সময়ত মহিলা আৰু যুৱতীৰ বাবে সুৰক্ষা নিশ্চিত কৰাৰ বাবে কোনো গঠনমূলক সিদ্ধান্ত গ্ৰহণ নকৰি গুৰুত্বপূৰ্ণ সময় নষ্ট কৰিলে ৷ যদিহে অন্ধ্ৰপ্ৰদেশ চৰকাৰে এনেধৰণৰ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে তেন্তে কেন্দ্ৰীয় চৰকাৰে কিয় অনুৰূপ ধৰণৰ পন্থা অৱলম্বন কৰিব নোৱাৰে বুলি দিল্লী মহিলা আয়োগৰ নেত্ৰী শ্বাতী মালিৱালে প্ৰধানমন্ত্ৰী মোডীক প্ৰশ্ন কৰে ৷ উল্লেখ্য যে শুকুৰবাৰে অন্ধ্ৰপ্ৰদেশ বিধানসভাই 'দিশা আইন' গৃহীত কৰিছিল যাৰ দ্বাৰা ধৰ্ষণ আৰু দলবদ্ধ ধৰ্ষণকাৰীৰ অভিযুক্তক 21 দিনৰ ভিতৰত মৃত্যু দণ্ড বিহা হ'ব ৷

লগতে পঢ়ক - বৰপেটাৰোডত সেনাৰ ফ্লেগ মাৰ্চ

Intro:Body:

dcw chief swati mallial rushed to hospital

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.