ETV Bharat / bharat

উত্তৰ প্ৰদেশ : ট্ৰাক বাগৰি ৩ প্ৰব্ৰজিত শ্ৰমিকৰ মৃত্যু

উত্তৰ প্ৰদেশত সোমবাৰে নিশা সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা । লক্ ডাউনত আৱদ্ধ প্ৰব্ৰজিত শ্ৰমিকক গন্তব্য় স্থানলৈ নিয়াৰ পথতেই দুৰ্ঘটনাত পতিত হয় এখন ট্ৰাক । দুৰ্ঘটনাত নিহত হয় তিনিজনকৈ প্ৰব্ৰজিত শ্ৰমিক ।

উত্তৰ প্ৰদেশ
ট্ৰাক বাগৰি ৩ প্ৰব্ৰজিত শ্ৰমিকৰ মৃত্যু
author img

By

Published : May 19, 2020, 8:35 AM IST

উত্তৰ প্ৰদেশ, ১৯ মে': উত্তৰ প্ৰদেশত সোমবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । এই ভয়ংকৰ পথ দুৰ্ঘটনাত ৩ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছে ১২ জনকৈ লোক । জানিব পৰা মতে, আটাইকেইজন আছিল বিভিন্ন ৰাজ্যৰ পৰা অহা প্ৰব্ৰজিত শ্ৰমিক । লক্ ডাউনৰ ফলতেই দীৰ্ঘদিন ধৰি তেওঁলোক আৱদ্ধ হৈ আছিল উত্তৰ প্ৰদেশত । সোমবাৰে নিশা ঝাঁচি-মিৰ্জাপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সন্মুখত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো । ফলত তিনিগৰাকী প্ৰব্ৰজিত শ্ৰমিকে প্ৰাণ হেৰুৱাবলগীয়া হয় ।

জানিব পৰা মতে, বাহনখনত মুঠ ১৭ গৰাকী প্ৰব্ৰজিত শ্ৰমিক আছিল । দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই । আহত লোকসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । বৰ্তমান আহত লোকসকল চিকিৎসাধীন অৱস্থাত আছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.