ETV Bharat / bharat

মুম্বাইৰ পদপথত অনাদৃত চিত্ৰশিল্পীৰ দুৰ্দশা - দীঘল দাঢ়িৰ ককাদেউতা

এসময়ৰ চিত্ৰশিল্পী আজি মুম্বাইৰ পদপথৰ বাসিন্দা । দুৰ্ঘটনাই কাল ধুমুহা নমাই আনিলে চিত্ৰশিল্পী দালাল গুপ্তাৰ জীৱনলৈ । প্ৰদৰ্শনী গৃৃৃহৰ সলনি এতিয়া মুম্বাইৰ পদপথ শুৱনি কৰিছে চিত্ৰশিল্পীগৰাকীৰ ছবিয়ে । মুম্বাই পদপথত নিজে অংকন কৰা ছবি সন্মুখত লৈ গ্ৰাহকৰ বাবে অপেক্ষা কৰে দালাল গুপ্তাই ।

মুম্বাইৰ পদপথত চিত্ৰশিল্পী দালাল গুপ্তাৰ দুৰ্দশা

author img

By

Published : Dec 3, 2020, 5:44 PM IST

নেশ্যনেল ডেস্ক, ৩ ডিচেম্বৰ: দীঘল দাঢ়িৰ ককাদেউতা বুলি পৰিচিত দালাল গুপ্তা মুম্বাইৰ চত্ৰপতি শিৱাজী টাৰ্মিনাছৰ সমীপৰ পদপথৰ বাসিন্দা । এসময়ত তেওঁ এগৰাকী জনপ্ৰিয় চিত্ৰশিল্পী হিচাপে পৰিচিত আছিল । একেদৰে তেওঁ অঁকা ছবিয়ে দৃষ্টি আকৰ্ষণ কৰিছিল সকলোৰে । কিন্তু এটা দুৰ্ঘটনাই সলনি কৰি দিলে দালাল গুপ্তাৰ জীৱন । দুৰ্ভগীয়া চিত্ৰশিল্পীগৰাকীৰ বাবে এতিয়া পদপথেই হৈছে বিশ্ৰামৰ স্থান আৰু ব্যৱসায়ৰ স্থান । দিল্লীত দালাল গুপ্তাৰ এখন দোকান আছিল ।

সকলো ঠিকেই চলি আছিল । হঠাতে দোকানৰ স্বত্বাধিকাৰীয়ে জবৰদস্তি দোকান খালী কৰি দিয়ে । জীৱিকা উপাৰ্জনৰ পথ বন্ধ হৈ পৰাত উপায়হীন হৈ দালাল গুপ্তাই আদালতৰ কাষ চাপে । কিন্তু তেওঁ নিৰাশ হ'বলগীয়া হয় । ইয়াৰ পিছতে উপাৰ্জন কৰিবলৈ তেওঁ মুম্বাইলৈ আহে । তেতিয়াৰে পৰা মুম্বাইৰ পথপথকেই নিজৰ ঘৰ, দোকান হিচাপে ভাৱি লৈ দুৰ্বিসহ জীৱন কটাইছে এসময়ৰ চিত্ৰশিল্পীগৰাকীয়ে ।

দালাল গুপ্তাই কয় যে, কলাৰ ক্ষেত্ৰখনত তেওঁ চিত্ৰশিল্পই যথেষ্ট সমাদৰ লাভ কৰিছিল । তেওঁ প্ৰখ্যাত চিত্ৰশিল্পী মকবুল ফিডা হুছেইনৰ সৈতে তেওঁৰ ষ্টুডিঅ'ত ৪ বছৰ ধৰি কাম কৰিছিল । কেৱল তাতেই নহয়, দিল্লীৰ আৰ্ট গেলাৰীৰ প্ৰতিগৰাকী লোকেই তেওঁক ভালকৈ চিনি পায় । দালাল গুপ্তা সকলো ধৰণৰ ছবি অঁকাত পাকৈত । কিন্তু কালচক্ৰত পৰি তেওঁ আজি মুম্বাইৰ পদপথত দিন অতিবাহিত কৰিবলগীয়া হৈছে । তেওঁ পদপথতে নিজৰ কলা মানুহক দেখুৱায় । কিন্তু মায়ানগৰী মুম্বাইৰ দৰে চহৰত এই ছবিসমূহৰ চাগে কোনো মূল্য নাই । সেয়ে, দিনৰ পিছত দিন ধৰি পদপথতে পৰি ৰৈছে দালাল গুপ্তাৰ ছবি ।

লগতে পঢ়ক:জম্মু-কাশ্মীৰত নিৰ্বাচনী প্ৰচাৰ চলাব গৌতম গম্ভীৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.