ETV Bharat / bharat

উচ্চ পৰ্যায়ত নিৰীক্ষণ কৰা হৈছে কোভিড-19 ৰ পৰিস্থিতি : স্বাস্থ্য মন্ত্ৰণালয় - কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ যুটীয়া সচিব লাভ আগৰৱাল

কোভিড-19ৰ পৰিস্থিতি নিৰীক্ষণ উচ্চ পৰ্যায়ত চলিছে বুলি মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰণালয়ে ৷ সামাজিক দূৰত্ব আৰু লকডাউন মানি চলিবলৈ পুনৰ আহ্বান জনাই লাভ আগৰৱালে ৷

স্বাস্থ্য মন্ত্ৰণালয়
লাভ আগৰৱাল
author img

By

Published : Apr 8, 2020, 11:21 PM IST

নেশ্যনেল ডেস্ক, 8 এপ্ৰিল : কেন্দ্ৰীয় স্বাস্থ্য় মন্ত্ৰণালয়ে বুধবাৰে মন্তব্য কৰে যে, দেশৰ কোভিড-19 পৰিস্থিতি উচ্চ পৰ্যায়ত নিৰীক্ষণ কৰি থকা হৈছে ৷ শেহতীয়া তথ্য অনুসৰি, বুধবাৰ পৰ্যন্ত ভাৰতত কোভিড-19 ত আক্ৰান্তৰ সংখ্য়া 5,500 ৰো অধিক হৈছেগৈ ৷

চৰকাৰী তথ্য অনুসৰি, প্ৰধানমন্ত্ৰীৰ কাৰ্য়ালয়ে কোভিড-19 প্ৰতিৰোধৰ সমগ্ৰ পদক্ষেপক ধাৰাবাহিকভাৱে নিৰীক্ষণ কৰি আছে ৷

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ যুটীয়া সচিব লাভ আগৰৱালে কয়, "মঙলবাৰ পৰ্যন্ত 32 জন লোকৰ মৃত্যু হোৱাৰ ফলত মৃতকৰ সংখ্যা দেশত 149 জনলৈ বৃদ্ধি পাইছে, আনহাতে, আৰোগ্য হৈ উঠিছে 492 জন লোক ৷"

সকলোকে সামাজিক দূৰত্ব আৰু লকডাউন মানি চলিবলৈ আহ্বান জনাই আগৰৱালে কয়, "সাধাৰণ অৱহেলাৰ ফলতো সমগ্ৰ প্ৰচেষ্টাত চেঁচাপানী পৰিব পাৰে ৷"

গৃহ মন্ত্ৰণালয়ৰ যুটীয়া সচিব পুনিয়া ছালিলা শ্ৰীবাস্তৱে কয়, "যিসমূহ স্থানত অধিক আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছে সেই স্থানসমূহ বাচি উলিওৱা হৈছে ৷ ৰাজ্য চৰকাৰেও বিভিন্ন স্থানসমূহ চিনাক্ত কৰি বেৰিকেডৰ ব্যৱস্থা কৰিছে আৰু লকডাউন মানি চলিবলৈ সকলোকে বাধ্য কৰিছে ৷"

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.