নিউজ ডেস্ক, ২৩ জুন : মংগলবাৰে সংখ্যালঘু বিভাগৰ মন্ত্ৰী মুখতাৰ আব্বাছ নকভিয়ে জনাই যে, কোভিড-১৯ ৰ সংক্ৰমণৰ বাবে চলিত বৰ্ষত হজযাত্ৰী সকলে চৌদি আৰবলৈ যাত্ৰা নকৰে ।
চৌদি আৰৱৰ হজ ওমৰাহ মন্ত্ৰী মহম্মদ চালেহ বিন তাহেৰ বেন্টনে টেলিফনিক বাৰ্তালাপৰ জৰিয়তে চলিত বৰ্ষত হজযাত্ৰীক চৌদি আৰবলৈ পঠাবলৈ মানা কৰিছে ।
চৌদি আৰবে সোমবাৰে জনাই যে, কোভিড-১৯ ৰ সংক্ৰমণৰ বাবে চলিত বৰ্ষত আন্তঃৰাষ্ট্ৰীয় যাত্ৰী সকলক হজত অংশগ্ৰহণ কৰিবলৈ অনুমতি প্ৰদান নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এক বিবৃতি যোগে দেশ খনে প্ৰকাশ কৰিছে এই তথ্য ।
লগতে পঢ়ক : সীমান্তত উদ্বিগ্নতা বৃদ্ধি : লেহত IAF ৰ ফাইটাৰ জেট