ETV Bharat / bharat

17 মে'লৈ দেশীয়, আন্তৰাষ্ট্ৰীয় বিমান চলাচলত বাধা চৰকাৰৰ - 17 মে'লৈ লকডাউন বৃদ্ধি

17 মে'লৈ সকলো দেশীয়, আন্তৰাষ্ট্ৰীয় বিমান চলাচলত বাধা আৰোপ চৰকাৰৰ ৷ পুনৰ সেৱা আৰম্ভ হোৱাৰ পূৰ্বে এয়াৰলাইনছ সমূহক অৱগত কৰা হ'ব বুলি প্ৰকাশ ৷

বিমান মন্ত্ৰণালয়
17 মে'লৈ দেশীয়, আন্তৰাষ্ট্ৰীয় বিমান চলাচলত বাধা চৰকাৰৰ
author img

By

Published : May 2, 2020, 7:29 PM IST

নেশ্যনেল ডেস্ক, 2 মে' : 17 মে'লৈ লকডাউন বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত দেশীয় আৰু আন্তৰাষ্ট্ৰীয় বিমানৰ চলাচলতো বাধা আৰোপ কৰিছে বিমান মন্ত্ৰণালয়ে ৷ শনিবাৰে মন্ত্ৰণালয়ে প্ৰকাশ কৰে যে, 17 মে'লৈ সকলো দেশীয় আৰু আন্তৰাষ্ট্ৰীয় বিমানৰ চলাচল নিষিদ্ধ কৰা হৈছে ৷

Directorate General of Civil Aviation য়ে কয়, "1 মে', 2020 অনুসৰি গৃহ মন্ত্ৰণালয়ৰ 40-3/2020-DM-A(A) নম্বৰৰ নিৰ্দেশৰ জৰিয়তে 17 মে'লৈ সকলো দেশীয় আৰু আন্তৰাষ্ট্ৰীয় বিমানৰ চলাচলত প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে ৷"

ইয়াৰোপৰি, 14 এপ্ৰিলত জাৰি কৰা ছাৰ্কুলাৰৰ বৈধতা বৃদ্ধি কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰিছে DGCA য়ে ৷

DGCA ৰ ছাৰ্কুলাৰ অনুসৰি, "দেশীয় আৰু আন্তৰাষ্ট্ৰীয় এয়াৰলাইনছ সমূহক পুনৰ সেৱা আৰম্ভ হোৱা সম্পৰ্কত অৱগত কৰা হ'ব ৷ কিন্তু, সকলো আন্তৰাষ্ট্ৰীয় কাৰ্গো বিমান সমূহত এই নিষেধাজ্ঞা আৰোপ কৰা নাই ৷"

উল্লেখ্য় যে, কৰ'ণা ভাইৰাছৰ আতংকৰ পৰিপ্ৰেক্ষিতত 25 মাৰ্চৰ পৰা দেশীয় আৰু আন্তৰাষ্ট্ৰীয় ব্যৱসায়িক যাত্ৰীবাহী বিমানৰ চলাচলত বাধা আৰোপ কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.